নিউজ ডেস্ক, 7 মে’: আই পি এলৰ দেওবাৰৰ প্ৰথমখন খেলত মুখামুখি হৈছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু গুজৰাট টাইটানছ ৷ টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ৷ গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেলখন ৷ আঘাতৰ বাবে চিকিৎসাধীন হৈ থকা কে এল ৰাহুলৰ পৰিৱৰ্তে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক নেতৃত্ব দিছে ক্ৰুণাল পাণ্ডিয়াই ৷ ইফালে গুজৰাট টাইটানছক নেতৃত্ব দিছে হাৰ্দিক পাণ্ডিয়াই ৷ দুয়োটা বিৰোধী দলক আজি নেতৃত্ব দিয়া দেখা গৈছে দুই ভাতৃয়ে (IPL 2023 GT vs LSG) ৷
ক্ৰুণাল পাণ্ডিয়া:আমি প্ৰথমে বলিং কৰিম । আমাৰ এটা সপোন সঁচা হৈছে ৷ আমি নিজ নিজ পক্ষক নেতৃত্ব দিছোঁ । সামগ্ৰিকভাৱে খেলখন ভাল হ’ব । আমাৰ এটা ভাল বেটিং দল আছে, আৰু আমি টাৰ্গেট অনুসৰণ কৰাৰ সুযোগ ল’ব বিচাৰোঁ । আমি ভাল ক্ৰিকেট খেলিছো, আৰু আমি পইণ্ট তালিকাত এটা ভাল স্থানত আছোঁ । ডি কক দলত অন্তৰ্ভুক্ত হৈছে আৰু নবীন বাদ পৰিছে (IPL LSG vs GT match)।
হাৰ্ডিক পাণ্ডিয়া:আমি বেটিঙেই কৰিলোহেঁতেন । মই যি বিচাৰিছোঁ সেয়া লাভ কৰি আহিছোঁ । এইটো এটা আৱেগিক দিন, আমাৰ দেউতা গৌৰৱান্বিত হ'লহেঁতেন । এয়া প্ৰথমবাৰৰ বাবে ঘটিছে, সেয়েহে আমাৰ পৰিয়াল গৌৰৱান্বিত । এজন পাণ্ডিয়া আজি নিশ্চিতভাৱে জিকিব । এয়া নিজকে প্ৰকাশ কৰাৰহে কথা আৰু ফলাফলৰ বিষয়ে চিন্তাৰ বিশেষ কাৰণ নাই । বিফলতাৰ ভয় আহিব পাৰে, কিন্তু আমি ভাল ক্ৰিকেট খেলিব লাগিব । এটা বলপূৰ্বক পৰিৱৰ্তন, লিটলক অব্যাহতি দিয়া হৈছে, কিয়নো তেওঁ আয়াৰলেণ্ডৰ হৈ খেলিব ৷ আলজাৰি তেওঁৰ স্থানত দলত অন্তৰ্ভুক্ত হৈছে (GT vs LSG live score) ৷
লক্ষ্ণৌ চুপাৰ জায়ান্টছ (প্লেয়িং ইলেভেন):কুইন্টন ডি কক(W), কাইল মেয়াৰ্ছ, দীপক হুডা, ক্ৰুণাল পাণ্ডিয়া(C), মাৰ্কাছ ষ্টইনিছ, নিকোলাছ পুৰাণ, স্বপ্নিল সিং, যশ ঠাকুৰ, ৰবি বিষ্ণৈ, মহছিন খান, আবেশ খান