স্পৰ্টছ ডেস্ক,২৯ মে' :প্ৰায় দুমাহ ধৰি ক্ৰিকেটপ্ৰেমীক মনোৰঞ্জন দি অহা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL)২০২২ ৰ অন্তিম মুহূৰ্ত । তীব্ৰ কৌতূহলৰ মাজত ২৯ মে' অৰ্থাৎ আজি অনুষ্ঠিত হ'ব IPL-২০২২ৰ চূড়ান্ত খেল (IPL 2022 final)। নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আইপিএল খিতাপৰ বাবে যুঁজ দিব গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছে (IPL 2022 final between RR and GT)।
গুজৰাটে (GT) তেওঁলোকৰ প্ৰথম ছিজনত ঘৰুৱা খেলপথাৰত আইপিএল খিতাপ অৰ্জন কৰিবলৈ যথেষ্ট গুৰুত্ব দিব । আনহাতে ২০০৮ চনত IPL খিতাপ অৰ্জন কৰা ৰাজস্থানৰ (RR) বাবেও বিশ্ব বিখ্যাত স্পিনাৰ শ্বেন ৱাৰ্ণক শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক সোণালী সুযোগ হ'ব এই খেলখন ।
ইফালে তালিকাৰ শীৰ্ষত থকা গুজৰাট টাইটানছে IPLৰ চলিত ছিজন আৰম্ভ হোৱাৰ পূৰ্বে বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হৈছিল । প্ৰথমে নিলাম আৰু খেলুৱৈৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিভিন্নজনে প্ৰশ্ন কৰিছিল । তাৰ পাছত হাৰ্ডিক পাণ্ডিয়াৰ অধিনায়ক সন্দৰ্ভতো বহুতে প্ৰশ্ন কৰিছিল । পাণ্ডিয়াই ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পৰা দুৰ্বল ফৰ্ম আৰু আঘাতৰ বাবে খেল উন্নত প্ৰদৰ্শন কৰিব পৰা নাছিল ।
তেনেস্থলত গুজৰাট টাইটানছৰ নতুন খেলুৱৈসকলক তেওঁ কেনেদৰে নেতৃত্ব দিব, তাকলৈও বহুতে প্ৰশ্ন কৰিছিল । নতুন দলটোৰ নিৰ্বাচকসকলে ইংলেণ্ডৰ অপেনাৰ জেচন ৰয়ক দলটোৰ বাবে নিলামত ক্ৰয় কৰিছিল যদিও খেল আৰম্ভ হোৱাৰ পূৰ্বেই আইপিএল খেলিব নোৱাৰিব বুলি ৰয়ে ঘোষণা কৰিছিল । এনেবোৰ চৰ্চা আৰু প্ৰত্যাহ্বান স্বত্ত্বেও গুজৰাটে ধাৰাবাহিকভাৱে প্ৰতিখন খেলত উন্নত প্ৰদৰ্শনেৰে সকলোকে আচৰিত কৰিছে ।
প্লে অফত প্ৰৱেশ কৰা আৰু অৱশেষত ফাইনেলত উপনীত হোৱা প্ৰথম দল হিচাপে পৰিগণিত হৈছে গুজৰাট টাইটানছ (Gujrat Titans in IPL final)। অৱশ্যে গুজৰাটৰ সফলতাৰ আঁৰত প্ৰতিগৰাকী খেলুৱৈৰ ভূমিকা আছে ।
দলটোৰ অন্যতম খেলুৱৈ স্পিনাৰ ৰাছিদ খানে দলটোৰ সফলতা সম্পৰ্কে কয় যে দলটোৰ প্ৰতিগৰাকী খেলুৱৈয়ে জানে যে তেওঁলোকৰ কি দায়িত্ব আছে । কেনে পৰিস্থিতিত বেটিং কৰিব লাগিব সেই কথাও তেওঁ জানে বুলি উল্লেখ কৰে খেলুৱৈয়ে । এগৰাকী মুখ্য স্পিনাৰ হিচাপে তেওঁৰ কি দায়িত্ব আছে সেই কথাও তেওঁ ভালদৰে জানে । দলটোত থকা ভাৰসাম্যৰ বাবেই দলটোৱে আজি এই স্থানত অৱতীৰ্ণ হৈছে বুলি তেওঁ উল্লেখ কৰে ।