স্প’ৰ্টছ ডেস্ক, 30 মে’ : চলিত শৃংখলাৰ আইপিএল(IPL 2022 final) ৰ দেওবাৰে অনুষ্ঠিত ফাইনেল মেচত বিজয়ীৰ হাঁহি মাৰে হাৰ্ডিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানছে ৷ চলিত ছিজনত আত্মপ্ৰকাশ কৰিয়েই দলটোৱে এই খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ বিপক্ষৰ টীম ৰাজস্থান ৰয়েলছৰ হৈ দলটোৱে সাত উইকেটৰ বিনিময়ত জয় লাভ কৰিবলৈ সক্ষম হয় ৷
অধিনায়ক হাৰ্ডিক পাণ্ডিয়াৰ (3/17) নেতৃত্বাধীন গুজৰাট টাইটানছৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপৰ্যয় ঘটে ৰাজস্থানৰ ৷ দলটোৱে 9 টা উইকেটৰ বিনিময়ত মাত্ৰ 130 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, গুজৰাটৰ হৈ শুভমন গিল আৰু ডেভিদ মিলাৰে ক্ৰমে 45 আৰু 32 ৰাণ সংগ্ৰহেৰে অপৰাজিত হৈ দলক জয়ৰ সোৱাদ দিয়ে ৷