নিউজ ডেস্ক, 26 মে': ষষ্ঠবাৰলৈ আই পি এল জয়ৰ সপোন বাস্তবায়িত কৰাত বিফল হ'ল মুম্বাই ইণ্ডিয়ানছ । শুকুৰবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰ মেচত 62 ৰাণত পৰাস্ত হয় ৰোহিত বাহিনী । ইফালে মুম্বাইক পৰাস্ত কৰি দ্বিতীয়বাৰলৈ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিলে হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানছে । ফাইনেলত গুজৰাট পুনৰ মুখামুখি হ'ব কোৱালিফায়াৰ 1 ত তেওঁলোকক পৰাস্ত কৰা চেন্নাই ছুপাৰ কিংছৰ (GT beats MI by 62 runs)।
শুকুৰবাৰৰ খেলখনত টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহতি শৰ্মাই । গুজৰাটৰ হৈ বেটিং কৰিবলৈ অহা ঋদ্ধিমান সাহা আৰু শুভমন গিলে সুন্দৰ আৰম্ভণি কৰে । দলৰ স্কৰ 54 হোৱা অৱস্থাত 18 ৰাণ কৰি পেভিলিয়ন মুখি হয় সাহা । কিন্তু গিল আৰু সুদৰ্শনে বিস্ফোৰক বেটিঙেৰে ধৰাশায়ী কৰে মুম্বাইৰ বলাৰসকলক । সুদৰ্শনে 31 বলত 43 ৰাণ কৰি আঘাতৰ বাবে খেলপথাৰৰ পৰা বাহিৰ হ'বলগীয়া হয় (IPL 2023 MI vs GT match report) ।
ইফালে বেটিঙৰ যাদু দেখুৱাই গিলে 60 টা বলত 129 ৰাণ সংগ্ৰহ কৰে । আই পি এল 2023 ত এখন খেলত সৰ্বাধিক ব্যক্তিগত ৰাণ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় শুভমন গিল । ইফালে টুৰ্ণামেন্টৰ এইটো চীজনত বৰ্তমানলৈকে 16 খন মেচ খেলি 851 ৰাণ সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে গিল । 17 খন মেচ খেলি 863 ৰাণ সংগ্ৰহ কৰি প্ৰথম স্থানত তথা অৰেঞ্জ কেপ দখল কৰিছে জচ বাটলাৰে (IPL 2023 highest scoring player)।