গুৱাহাটী,৭ এপ্ৰিল : অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ উদীয়মান ক্ৰিকটাৰসকলৰ বাবে শুকুৰবাৰে আনুষ্ঠানিকভাৱে দিল্লী কেপিটেলছ ক্ৰিকেট একাডেমী মুকলি কৰা হয় (Delhi Capitals Cricket Academy opens in Guwahati)। গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু'ত আয়োজিত এক অনুষ্ঠানত ক্ৰিকেট একাডেমীখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।
এই অনুষ্ঠানত দিল্লী কেপিটেলছৰ সঞ্চালক তথা প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী উপস্থিত থাকে (Sourav Ganguly in Guwahati)। লগতে দলটোৰ মুখ্য প্ৰশিক্ষক ৰিকি প'ন্টিং, সহঃ প্ৰশিক্ষক শ্বেন ৱাটছন উপস্থিত থাকে । তেওঁলোকৰ উপৰিও অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি ৰাজদীপ ওজাসহ আন কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে । উল্লেখ্য যে প্ৰাক্তন ৰঞ্জী খেলুৱৈ জাকাৰিয়া জুফ্ৰী আৰু আইকন গ্ৰুপৰ অধ্যক্ষ দেৱাশীষ বৰাৰ বিশেষ উদ্যোগত গুৱাহাটীত এই একাডেমীখন স্থাপন কৰা হৈছে ।
আই পি এলৰ ফ্ৰেঞ্চাইজি দিল্লী কেপিটেলছৰ সৈতে একাডেমীখনক টাইআপ কৰা হৈছে । আনহাতে দিল্লী কেপিটেলছে ৰেডিচন ব্লুতে এখন সংবাদমেল সম্বোধন কৰে (Delhi capitals press conference)। সংবাদমেলত সৌৰভ গাংগুলীয়ে অসমৰে থকা বহু স্মৃতি ৰোমন্থন কৰে ।
প্ৰসিদ্ধ ক্ৰিকেটাৰ গাংগুলীয়ে কয়, '১৪ বছৰ বয়সত প্ৰথম অসমলৈ আহিছিলো । নগাঁৱত প্ৰথমে ক্ৰিকেট মেচ খেলিছিলো । তাৰ পাছত নেহৰু ষ্টেডিয়াম আৰু মালিগাঁও ষ্টেডিয়ামতো খেলিছিলো । বৰ্ষাপাৰা ষ্টেডিয়াম বহুত ভালকৈ নিৰ্মাণ কৰা হৈছে । গুৱাহাটীক লৈ মোৰ বহু ভাল অভিজ্ঞতা আছে ।’’