অসম

assam

ETV Bharat / sports

India win over Sri Lanka : নৱবৰ্ষত ভাৰতীয় ক্ৰিকেটত নৱতাৰকা হৈ উজলিল মাভি - Srilanka skipper Dasun Shanaka

ভাৰতৰ হৈ অপেনাৰ ঈশান কিষাণে ২৯ টা বলত ৩৭ ৰাণ কৰাৰ উপৰি নতুন টি-২০ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ২৭ টা বলত ২৯ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিছত দীপক হুডাই ২৩ টা বলত ৪১ ৰাণৰ বিস্ফোৰণ ইনিংছ খেলে আৰু অক্ষৰ পেটেলে ২০ বলত ৩১ ৰাণ সংগ্ৰহ কৰে । অভিষেক মেচতে উজলিল শিৱম মাভি (Indias Debutant star Shivam Mavi) ।

India
India

By

Published : Jan 4, 2023, 1:28 PM IST

স্পৰ্টছ ডেস্ক, ৪ জানুৱাৰী : নৱবৰ্ষৰ তৃতীয় দিনটোতে ভাৰতীয় ক্ৰিকেটলৈ সফলতা । এফালে চলিত বৰ্ষৰ প্ৰথম টি-২০ শৃংখলাত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ (India win over Sri Lanka in first T20), আনফালে নতুন তাৰকা হিচাবে উদ্ভাসিত হ'ল শিৱম মাভি (Indias Debutant star Shivam Mavi) । শিৱম মাভিৰ দ্ৰুত বলিঙৰ নিৰন্তৰ প্ৰদৰ্শনেৰে এক সপোনৰ আত্মপ্ৰকাশ ঘটায় আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ।

তেওঁৰ আন্তৰাষ্ট্ৰীয় টি-২০ মেচৰ অভিষেক মেচতে চাৰিটা উইকেট দখল কৰি এছিয়াৰ চেম্পিয়ন দল শ্ৰীলংকাক এক উত্তেজনাপূৰ্ণ মেচত পৰাস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে (India two run win over Sri Lanka) । ভাৰত-শ্ৰীলংকাৰ চলিত টি-২০ শৃংখলাৰ প্ৰথমখন টি-২০ মেচত ফৰ্মৰ তুংগত থকা শ্ৰীলংকাক হাৰ্ডিক পাণ্ডিয়া নেতৃত্বাধীন যুৱ ভাৰতীয় দলটোৱে শ্বাসৰুদ্ধকাৰী মেচখনত দুই ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হয় (India T20 captain Hardik Pandya) ।

মঙলবাৰে ৰোহিত শৰ্মা, বিৰাট কোহলি, কে এল ৰাহুলৰ দৰে জ্যেষ্ঠ আৰু গুৰুত্বপূৰ্ণ খেলুৱৈৰ উপস্থিতি অবিহনেই খেলপথাৰত নমা ভাৰতীয় যুৱ দলটোৰ উজ্জীৱিত প্ৰদৰ্শনো আছিল লক্ষণীয় । অৱশ্যে ভাৰতীয় বেটছমেনসকলে শ্ৰীলংকাৰ স্পিনাৰসকলৰ বিৰুদ্ধে স্বাচ্ছ্যন্দতাৰে খেলাত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয় । তাৰ মাজতে দীপক হুডাৰ (২৩ ৰাণত ৪১ নট আউট) আৰু অক্ষৰ পেটেলৰ (২০ ৰাণত ৩১ নট আউট) দৃঢ়তাপূৰ্ণ স্থিতিত আয়োজক দলটোৱে পাঁচ উইকেটত ১৬২ ৰাণ সংগ্ৰহ কৰি এক প্ৰত্যাহাবনজনক স্ক'ৰ আগবঢঞায় শ্ৰীলংকাৰ বিৰুদ্ধে ।

শ্ৰীলংকাৰ বেটছমেনসকলৰ বাবে নিশ্চিতভাৱে ১৬৩ ৰাণৰ লক্ষ্য অনুসৰণ কৰাটো সম্ভৱ আছিল । কিন্তু ইনিংছৰ আৰম্ভণিতে আৰু শেষৰফালে মাভিৰ ষ্ট্ৰাইকে মেচখনৰ মোৰ ঘৰুৱা দলটোৰ পক্ষলৈ ঘূৰাই দিয়ে । মেচখনৰ অন্তিম অ'ভাৰটোচ স্পিনাৰ অক্ষৰ পেটেলৰ বলত শ্ৰীলংকাক জয়লাভৰ বাবে প্ৰয়োজন আছিল ১৩ ৰাণ । কিন্তু ১০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় সিংহল বাহিনীয়ে । মাভিয়ে ঈৰ্ষণীয় প্ৰদৰ্শনেৰে নিজৰ চাৰি অ'ভাৰত ২২ ৰাণৰ বিনিময়ত চাৰিটাকৈ উইকেট দখল কৰে ।

আনহাতে, শ্ৰীলংকাৰ অধিনায়ক ডাচুন শানাকা (২৭ ৰাণত ৪৫ ৰাণ) আৰু চামিকা কৰুণাৰত্নেৰ (১৬ ৰাণত ২৩ নট আউট) যুঁজেও শ্ৰীলংকাৰ শেষ ৰক্ষা কৰিব নোৱাৰিলে (Srilanka skipper Dasun Shanaka) । ২০ অ'ভাৰত ১৬০ ৰাণত ইনিংছৰ অন্তিম বলটোত অল আউট হয় শ্ৰীলংকা । উল্লেখ্য যে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত প্ৰতিপক্ষলৈ আগবঢ়োৱা টি-২০ ৰাণৰ ভাৰতীয় দলৰ এইটো হৈছে সৰ্বনিম্ন লক্ষ্য নিৰ্ধাৰণ ।

কিন্তু অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰতিপক্ষক আক্ৰমণৰ প্ৰথম দায়িত্ব লৈ প্ৰথম অ'ভাৰটোত বল কৰাৰ সিদ্ধান্ত লয় । তেওঁ সৃষ্টি কৰা চাপৰ ফলত আনটো মূৰত নৱাগত মাভিক সহায় কৰিছিল । হাৰ্ডিকে সম্পূৰ্ণ ছুইং বল কৰে আৰু তেওঁৰ তিনি অ'ভাৰৰ স্পেলত মাত্ৰ 12 ৰাণ দিয়ে ।

মাভিৰ সফলতা উদযাপনৰ মুহূৰ্তটো তেওঁৰ প্ৰথম অ'ভাৰতে আহে । তেওঁ কুশল মেণ্ডিছৰ হাতত দুটা চাৰিৰ প্ৰহাৰ খালেও প্ৰত্যাক্ৰমণ কৰিবলৈ উল্লেখনীয় মনোবল দেখুৱায় । ইতিমধ্যে হাৰ্ডিকৰ প্ৰথম অ'ভাৰত জীৱনদান লাভ কৰাৰ পিছত মাভিৰ এটা সুন্দৰ বলে পাথুম নিচানকাৰ ষ্টাম্প ভাঙি পেলায় ।

কিন্তু ইতিমধ্যে ভাৰতৰ বাবে ভাবুকিপূৰ্ণ হৈ উঠা পাৰ্টনাৰশ্বিপ ভাঙিবলৈ মাভিক পুনৰ ঘূৰাই অনা হয় আৰু মাভিয়ে হাচাৰঙ্গাক মিড-অফত ধৰা পেলায় । ১৭ নম্বৰ অ'ভাৰত উমৰানৰ হাতত বল পৰাৰ পূৰ্বে শানাকাই শ্ৰীলংকাক এককভাৱেই মেচখনত বৰ্তাই ৰাখিছিল । কিবা প্ৰকাৰেহে মেচখন অন্তিম অ'ভাৰলৈ গৈছিল আৰু চামিকা কৰুণাৰত্নেয়ে শ্ৰীলংকান সমৰ্থকৰ বাবে আশাৰ ৰশ্মি প্ৰদান কৰিছিল । কিন্তু অন্তিম অ'ভাৰত ১৩ ৰাণ ৰক্ষা কৰিবলৈ নিজে বল নকৰি অধিনায়ক হাৰ্দিকে অক্ষৰৰ হাতত বল তুলি দিয়ে ।

ইয়াৰ পূৰ্বে হুডা আৰু অক্ষৰে ষষ্ঠ উইকেটত ৩৮ টা বলত অপৰাজিত ৬৮ ৰাণৰ পাৰ্টনাৰশ্বিপেৰে মেচৰ গতি ভাৰতৰ দিশে ত্বৰান্বিত কৰে আৰু ভাৰতে উচ্চ স্ক'ৰ কৰা ৱাংখেড়ে ষ্টেডিয়ামত (Wankhede Stadium Mumbai) পাঁচ উইকেটত ৯৪ ৰাণ সংগ্ৰহ কৰে । বাংলাদেশত দ্বিশতকৰ পিছত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ইনিংছ খেলি ঈশান কিষাণে (২৯ ৰাণত ৩৭ ৰাণ) প্ৰথম অ'ভাৰতেই মাৰমুখী হৈ ১৭ ৰাণ সংগ্ৰহ কৰে ।

সংক্ষিপ্ত স্ক'ৰ

ভাৰত : ২০ অ'ভাৰত 162/5 (ঈশান কিষাণ 37, দীপক হুডা অপৰাজিত 41, অক্ষৰ পেটেল অপৰাজিত 31)

শ্ৰীলংকা : ২০ অ'ভাৰত 160 ৰাণত অল আউট (কুশল মেণ্ডিছ 28, ডাছুন শানাকা 45 ; শিৱম মাভি 4/22)

লগতে পঢ়ক :National Yoga Competition: ধেমাজিত উপস্থিত ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলটো

ABOUT THE AUTHOR

...view details