স্পোৰ্টছ, 16 এপ্ৰিল :শুকুৰবাৰে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত আই পিএলৰ অষ্টমখন মেচ চেন্নাই চুপাৰ কিংছ আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ‘ব ৷ প্ৰথম মেচত ৰাজস্থান ৰয়েলচৰ বিৰুদ্ধে জয়লাভ কৰি থকা প্ৰৱল আত্মবিশ্বাসী পাঞ্জাৱ কিংছ দলে জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব ৷
আনহাতে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত তিনিবাৰৰ চেম্পিয়ন চেন্নাই দলটোৱে আজিৰ মেচত জয়ী হৈ এই বৰ্ষৰ প্ৰথমটো জয়ৰ সোৱাদ লবলৈ চেষ্টা কৰিব ৷ দৰ্শকবিহীন ভাৱে অনুষ্ঠিত হ’ব লগা মেচখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ’ব ৷