নিউজ ডেস্ক, 14 মে': টাটা আই পি এল 2023 ৰ 61 সংখ্যক মেচখনত দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি হয় চেন্নাই ছুপাৰ কিংছৰ । ঘৰুৱা গ্ৰাউণ্ডত কলকাতাৰ হাতত 6 উইকেটত পৰাস্ত হয় চেন্নাই । ধোনী বাহিনীয়ে নিৰ্ধাৰণ কৰি দিয়া 145 ৰাণৰ লক্ষ্য 18.3 অভাৰত চাৰি উইকেট হেৱুৰাই অতিক্ৰম কৰে কলকাতা নাইট ৰাইডাৰ্ছে ।
এই মেচখন দুয়োটা দলৰ বাবে প্লে অফত প্ৰৱেশৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল । আজিৰ খেলখনত যদি চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰিব পাৰিলে হেতেন, তেন্তে টাটা আই পি এল 2023 ৰ প্লে অফত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হ’ল হেতেন চেন্নাই । কিন্তু চেন্নাইৰ আশা পূৰণ নহল ।
কলকাতাৰ অধিনায়ক নীতিশ ৰাণা আৰু ৰিংকু সিঙৰ সুন্দৰ বেটিং প্ৰদৰ্শনে কলকাতাক জয়ী হোৱাত সহায় কৰে । ৰাণাই 44 টা বলত 57 আৰু ৰিংকু সিঙে 43 টা বলত 54 ৰাণ কৰে । চেন্নাইৰ দীপৰ চহৰে তিনিটা উইকেট দখল কৰে (Tata IPL 2023 61st match) ।
ইয়াৰ পূৰ্বে টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চেন্নাই ছুপাৰ কিংছে । নিৰ্ধাৰিত 20 অভাৰত 6 উইকেট হেৰুৱাই 144 ৰাণ সংগ্ৰহ কৰে চেন্নাই ছুপাৰ কিংছে । ডেভিদ কনৱেয়ে 30, শিৱম ডুবেয়ে 48 আৰু ৰবীন্দ্ৰ জাডেজাই 20 ৰাণ সংগ্ৰহ । কলকাতা নাইট ৰাইডাৰ্ছৰ বৰুণ চক্ৰৱৰ্তীয়ে 2 টা আৰু সুনীল নাৰিনে 2 টা উইকেট দখল কৰে ।