স্প’ৰ্টছ ডেস্ক, 9 ছেপ্তেম্বৰ : UAE আৰু ওমানত অনুষ্ঠিত হ’বলগীয়া টি-20 বিশ্বকাপৰ(T20 World Cup)বাবে বুধবাৰে ভাৰতীয় ক্ৰিকেট দলৰ(Indian Cricket Team) সদস্য বাছনি কৰে ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে । এইবাৰ আৰ অশ্বিনক(R Ashwin)ক দলটোত অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ণ কৰিব ৷
ইয়াৰ পূৰ্বে শেষবাৰৰ বাবে 2017 চনৰ জুলাইত ৱেষ্ট ইণ্ডিজৰ(West Indies) বিৰুদ্ধে টি-20 মেচত অংশগ্ৰহণ কৰিছিল অশ্বিনে । হ’বলগীয়া টি-20 মেচত ভাৰতীয় দলৰ বাবে এম এছ ধোনীক(MS Dhoni) দলটোৰ পৰামৰ্শদাতা(Mentor) হিচাপে নিৰ্বাচিত কৰা হৈছে ৷
লগতে বলাৰ য়ুজবেন্দ্ৰ চহলক(Yuzvendra Chahal) এই প্ৰতিযোগিতাখনৰ পৰা বাদ দিয়া হৈছে ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে(BCCI) জনোৱা মতে, ক’ভিড(Covid) মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিযোগিতাখনি দেশৰ বাহিৰলৈ স্থানান্তৰ কৰা হৈছে ।
24 অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ দল দুটা মুখামুখি হ’ব বুলি জানিব পৰা গৈছে ৷ প্ৰতিযোগিতাখন 17 অক্টোবৰৰ আৰম্ভ হ’ব আৰু চূড়ান্ত মেচখন 14 নৱেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব । 17 অক্টোবৰত ওমান আৰু পাপুৱা নিউ গিনিৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ ৷
ওমান আৰু পাপুৱা নিউ গিনি হৈছে প্ৰথম ৰাউণ্ডৰ গ্ৰুপ-B ৰ প্ৰথম দুটা দল ৷ গ্ৰুপ-Bৰ আন দুটা দল স্কটলেণ্ড আৰু বাংলাদেশ উক্ত দিনা সন্ধিয়া ভাগত অনুষ্ঠিত হ’বলগীয়া মেচত মুখামুখি হ’ব ৷ আয়াৰলেণ্ড, নেডাৰলেণ্ড, শ্ৰীলংকা আৰু নামিবিয়া হৈছে গ্ৰুপ-Aত অন্তৰ্ভুক্ত দল ৷
এই দলকেইটাৰ মেচ 18 অক্টোবৰৰ পৰা আবু ধাবি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ প্ৰথম ৰাউণ্ডৰ মেচসমূহ 22 অক্টোবৰলৈকে চলিব বুলি তথ্য প্ৰকাশ পাইছে । প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে প্ৰতিযোগিতাখনিৰ চুপাৰ 12 পৰ্যায়লৈ আগবাঢ়িব, যি 23 অক্টোবৰৰ পৰা আৰম্ভ হ’ব ।