অসম

assam

ETV Bharat / sports

ICC Mens ODI Player 2022 : বাবৰ আজম আইচিচি সৰ্বশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ

২৮ বছৰীয়া বাবৰ আজমে ২০২২ চনত মাত্ৰ নখন এদিনীয়া খেল খেলিছে । কিন্তু তাৰ জৰিয়তেই তেওঁ এই সন্মানলৈ মনোনীত হৈছে (Babar Azam named as ICC Mens ODI Player 2022) । তেওঁ বছৰটোত তিনিটা শতক আৰু আৰু পাঁচটা অৰ্ধশতক অৰ্জন কৰে । তেওঁ মাত্ৰ এবাৰহে বেটিঙত বিফল হৈছে ।

Babar Azam
Babar Azam

By

Published : Jan 26, 2023, 7:32 PM IST

স্পৰ্টছ ডেস্ক, ২৬ জানুৱাৰী : পাকিস্তানৰ অধিনায়ক বাবৰ আজমক (Pakistan captain Babar Azam) ২০২২ বৰ্ষৰ আইচিচি পুৰুষৰ এদিনীয়া সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে মনোনীত কৰা হৈছে (Babar Azam named as ICC Mens ODI Player 2022) । ইয়াৰ দ্বাৰা তেওঁ একেৰাহে দ্বিতীয় বছৰৰ বাবে এই আকাংক্ষিত সন্মান লাভ কৰে । তেওঁ অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ এডাম জাম্পা, ৱেষ্ট ইণ্ডিজৰ অপেনাৰ শ্বাই হ'প আৰু জিম্বাবোৱেৰ অফস্পিন অলৰাউণ্ডাৰ চিকন্দৰ ৰাজাক এই প্ৰতিদ্বন্দ্বিতাত পৰাস্ত কৰে ।

উল্লেখ্য, বাবৰ আজমে ২০২২ চনত মাত্ৰ নখন এদিনীয়া খেল খেলিছিল (ICC ODI player of year 2022 Babar Azam) । কিন্তু ২৮ বছৰীয়া তাৰকা ক্ৰিকেটাৰজনে তেওঁৰ উজ্জ্বীৱিত প্ৰদৰ্শনৰ দ্বাৰা আইচিচিক এই প্ৰতিদ্বন্দ্বিতাৰ বাবে অন্তৰ্ভুক্ত কৰিবলৈ বাধ্য কৰায় । কিয়নো তেওঁ এই নখন মেচত তিনিটা শতক আৰু পাঁচটাকৈ অৰ্ধশতক অৰ্জন কৰে । কেৱল এটা ইনিংছতহে তেওঁ বেটিঙত বিফল হয় । তেওঁ ২০২১ চনৰ জুলাই মাহৰ পৰা পুৰুষৰ এদিনীয়া খেলুৱৈৰ ৰেংকিঙৰ শীৰ্ষত আছে । আনহাতে, তেওঁ ২০২২ চনত খেলা নখন খেলত ৮৪.৮৭-ৰ আশ্চৰ্যকৰ গড়ত ৬৭৯ ৰাণ সংগ্ৰহ কৰিছিল । য'ত পঞ্চাশতকৈ অধিক আঠটা স্ক'ৰ সংগ্ৰহ কৰিছিল । আনহাতে, তাৰে ভিতৰত তিনিখন মেচত তেওঁ এই স্ক'ৰ শতকলৈ ৰূপান্তৰ কৰিছিল (2nd time ICC player of year 2022 Babar Azam) ।

বাবৰ আজমে পাকিস্তান এদিনীয়া দলৰ অধিনায়ক হিচাপে এটা স্মৰণীয় বছৰ অতিবাহিত কৰিছে । আনহাতে, তেওঁৰ নেতৃত্বত খেলা তিনিটা শৃংখলাৰ ভিতৰত তিনিটাতে জয়ী হৈছিল । এই সময়ছোৱাত পাকিস্তান এদিনীয়া ফৰ্মেটত অপ্ৰতিৰোধ্য আছিল । নখন মেচৰ ভিতৰত মাত্ৰ এখন মেচত (অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে) পৰাজিত হৈছিল । বিগত বছৰৰ এদিনীয়াত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল লাহোৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১১৪ ৰাণ । অষ্ট্ৰেলিয়াই নিৰ্ধাৰণ কৰি দিয়া ৩৪৯ ৰাণৰ এক কঠিন লক্ষ্যৰ অনুসৰণ কৰিবলৈ যোৱাৰ সময়ত আজমে এক অতি সুন্দৰ ইনিংছ উপহাৰ দিছিল । তেওঁৰ দলটোক ১৮৭ টা বলত ২৩১ ৰাণৰ প্ৰয়োজন হোৱাৰ সময়ত বেটিং কৰিবলৈ ক্ৰজলৈ অহা বাবৰে শ্বট নিৰ্মাণৰ এক ব্যতিক্ৰমী প্ৰদৰ্শনেৰে তেওঁৰ দলটোক প্ৰায় জয়ৰ দুৱাৰদলিলৈ লৈ গৈছিল ।

মেচখনত আজমে মাত্ৰ ৭৩ টা বলত তেওঁৰ শতক অৰ্জন কৰিছিল । যিটো এদিনীয়া ক্ৰিকেটত তেওঁৰ দ্ৰুততম শতক আছিল আৰু ৪৪ নম্বৰ অ'ভাৰলৈকে তেওঁ ক্ৰিজত আছিল । বাকী বেটছমেনসকলে এদিনীয়াত পাকিস্তানৰ সৰ্বাধিক ৰাণ অনুসৰণৰ সফল ৰেকৰ্ড গঢ়াৰ কামটো সমাপ্ত কৰিছিল । মেচখনত আজমক 'প্লেয়াৰ অব দ্য মেচ' হিচাপে মনোনীত কৰা হৈছিল । ইয়াৰ উপৰি আইচিচিয়ে লগতে প্ৰকাশ কৰিছে যে ৰিচাৰ্ড ইলিংৱৰ্থে ২০২২ চনৰ বাবে 'আম্পায়াৰ অব দ্য ইয়েৰ'ৰ বঁটা লাভ কৰিছে (Richard Illingworth won Umpire of 2022 award) । ১৯৯১-১৯৯৬ চনলৈ বাঁওহতীয়া স্পিনাৰ হিচাপে ইংলেণ্ডৰ হৈ নখন টেষ্ট আৰু ২৫ খন এদিনীয়া খেলা ইলিংৱৰ্থে ২০১৯ চনৰ আৰম্ভণিতে এই সন্মান লাভ কৰিছিল আৰু বৰ্তমান দুবাৰকৈ আইচিচি আম্পায়াৰ অব দ্য ইয়েৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :ICC Mens T20 International Cricketer : সূৰ্যকুমাৰ যাদৱ ২০২২ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ আইচিচি টি২০ ক্ৰিকেটাৰ

ABOUT THE AUTHOR

...view details