অসম

assam

ETV Bharat / sports

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা AB de Villiersৰ অৱসৰ - এদিনীয়া

সমগ্ৰ ক্ৰিটেত জগতত আলোড়ন সৃষ্টিকাৰী দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ এবি ডি ভিলাৰ্ছে অৱশেষত অৱসৰ লোৱাৰ সিদ্ধান্ত ল'লে । টুইটযোগে অৱসৰৰ কথা ঘোষণা কৰাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়া সমগ্ৰ বিশ্বত ।

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা AB de Villiersৰ অৱসৰ
সকলো ধৰণৰ ক্ৰিকেটৰ পৰা AB de Villiersৰ অৱসৰ

By

Published : Nov 19, 2021, 6:31 PM IST

স্পৰ্টছ ডেস্ক,১৯ নৱেম্বৰ :অৱশেষত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ল'লে দক্ষিণ আফ্ৰিকাৰ প্ৰভাৱশালী ক্ৰিকেটাৰ এবি ডি ভিলাৰ্ছে (AB de Villiers)। শুকুৰবাৰে টুইটযোগে এই কথা ঘোষণা কৰিলে দক্ষিণ আফ্ৰিকা দলৰ প্ৰাক্তন খেলুৱৈগৰাকীয়ে । এবি ডি ভিলাৰ্ছে শেষবাৰৰ বাবে ২০১৮ চনৰ এপ্ৰিলত দক্ষিণ আফ্ৰিকাৰ হৈ খেলিছিল । খেলখন জোহান্সবাৰ্গত অষ্ট্ৰেলিয়াৰ (Australia) বিৰুদ্ধে আছিল ।

টুইট কৰি ক্ৰিকেটাৰগৰাকীয়ে কয় যে তেওঁৰ এই যাত্ৰা অবিশ্বাস্য যেন আছিল । ইমান দিনে তেওঁ দলৰ বন্ধুসকলৰ সৈতে অতি আনন্দৰে আৰু উৎসাহেৰে খেলিছিল বুলি উল্লেখ কৰে ক্ৰিকেটাৰ গৰাকীয়ে । যিহেতু এতিয়া তেওঁৰ বয়স ৩৭ বছৰ হৈছে সেয়ে পূৰ্বৰ দৰে সেই উৎসাহ আৰু এতিয়া তেওঁৰ নাই বুলি টুইট কৰে খেলুৱৈগৰাকীয়ে । দক্ষিণ আফ্ৰিকাৰ হৈ সীমিত অভাৰৰ ফৰ্মেটত ডি ভিলিয়ৰ্ছে অন্তিমখন খেল ২০১৮ চনৰ ১৬ ফেব্ৰুৱাৰীত ভাৰতৰ (India) বিৰুদ্ধে খেলিছিল ।

খেলুৱৈগৰাকীয়ে বহুতো ফ্ৰেঞ্চাইজি ক্ৰিকেটো খেলিছে । আইপিএলৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (RCB) তেওঁ গুৰুত্বপূৰ্ণ সদস্য আছিল । তেওঁ ১৮৪ খন আই পি এল (IPL) খেলিছে ।

দক্ষিণ আফ্ৰিকাৰ হৈ ডি ভিলিয়ৰ্ছে ১১৪ খন টেষ্ট (Test), ২২৮ খন এদিনীয়া (One day) আৰু ৭৮ খন টি-২০ (T-20) খেলিছে । দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন খেলুৱৈগৰাকী বিশ্বৰ বিভিন্ন দলৰ বাবে ৩৪০ খন টি-২০ খেলত অংশগ্ৰহণ কৰিছিল । বেটিঙৰ ক্ষেত্ৰত আক্ৰমণাত্মক চৰিত্ৰৰ বাবে তেওঁ বিশ্বজুৰি জনাজাত । যাৰ বাবে খেলুৱৈগৰাকীৰ অৱসৰৰ ঘোষণাৰ পাছতে এতিয়া তেওঁৰ সমগ্ৰ বিশ্বৰ অনুৰাগীসকল নিৰাশ হোৱা দেখা গৈছে ।

লগতে পঢ়ক:MS Dhoni surprises fan Ajay Gill : অৱশেষত আশা পূৰণ হ'ল অজয় গীলৰ, লগ পালে ধোনীক

ABOUT THE AUTHOR

...view details