স্পৰ্টছ ডেস্ক,২৬ নৱেম্বৰ :ভাৰতৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া পুনৰ মুম্বাই ইণ্ডিয়ানছ দললৈ উভতি আহিব বুলি বিভিন্ন মহলত জল্পনা-কল্পনা চলি থকাৰ মাজতে আন এক বিষয়ে চৰ্চা লাভ কৰিছে । গুজৰাট টাইটানছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ৰ বাবে অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ৰিটেইন কৰিব ! এক বিশেষ 'আই পি এল ৰিটেনচন শ্ব'ৰ সময়ত জিঅ' চিনেমাত এই কথা প্ৰকাশ কৰা হৈছে ।
আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ সময়ত হোৱা আঘাতৰ পৰা আৰোগ্য হৈ থকা হাৰ্ডিক পাণ্ডিয়াই ২০১৫ চনত মুম্বাই ইণ্ডিয়ানছৰ সৈতে আই পি এল কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০২১ চনলৈকে দলটোৰ অংশ আছিল । তেওঁ মুম্বাই ইণ্ডিয়ানছে ৪ বাৰ খিতাপ অৰ্জন কৰাৰ সময়ত তেওঁ দলটোৰ অংশ আছিল ।
২০২২ চনত গুজৰাট টাইটানছে আইপিএলৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু পাণ্ডিয়াই দলটোক নেতৃত্ব দিছিল । সেই ছিজনত গুজৰাট টাইটানছ বিজয়ী আছিল আৰু ২০২৩ চনত দলটো ৰাণাৰ্ছ আপ আছিল । অৱশ্যে, হাৰ্দিকক এতিয়াও মুম্বাই ইণ্ডিয়ানছে দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে কিয়নো প্ৰকৃত নিলামৰ এসপ্তাহ পূৰ্বে ১২ ডিচেম্বৰলৈকে ট্ৰেডিং উইণ্ডো খোলা থাকিব ।