স্পৰ্টছ ডেস্ক, ২৭ নৱেম্বৰ :অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইপুনৰ মুম্বাই ইণ্ডিয়ানছলৈ ঘুৰি আহিল টীম ইণ্ডিয়াৰ তাৰকা অল-ৰাউণ্ডাৰ তথা ভাৰতৰ টী-২০ অধিনায়ক হাৰ্দিক পাণ্ডিয়া ৷ হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছলৈ উভতি যোৱাৰ পিছত গুজৰাট টাইটানছে সোমবাৰে ২০২৪ বৰ্ষৰ আইপিএলৰ বাবে দলটোৰ নতুন অধিনায়ক ঘোষণা কৰে । ভাৰতৰ নিৰ্ভৰযোগ্য অপেনিং বেটাৰ শুভমান গিলক গুজৰাট টাইটাইনছৰ অধিনায়ক হিচাপে মনোনীত কৰে।
গুজৰাট টাইটানছৰ এক বিবৃতিত কোৱা হৈছে, "গিলে এনে এটা দলৰ নেতৃত্ব দিব যাৰ অভিজ্ঞতা আৰু যৌৱনৰ উচ্ছ্বাসৰ এক অতুলনীয় সংমিশ্ৰণ আছে । যিটো গুজৰাট টাইটানছৰ বিশেষত্ব হৈ আহিছে ।" উল্লেখ্য যে গিলে ৩৩ টা ইনিংছত ৪৭.৩৪ গড়ে ১৩৭৩ ৰাণ সংগ্ৰহ কৰিছে । ইয়াত আছে তিনিটা শতক আৰু আঠটা অৰ্ধশতক । আনহাতে, বিগত ছিজনটো অপেনাৰগৰাকীৰ বাবে স্মৰণীয় আছিল । কিয়নো তেওঁ ১৭ খন মেচত ৫৯.৩৩ গড়ে মুঠ ৮৯০ ৰাণ সংগ্ৰহ কৰিছিল । ইয়াৰে ভিতৰত আছিল তিনিটা শতক আৰু চাৰিটা অৰ্ধশতক । এই প্ৰদৰ্শনৰ বাবে তেওঁ অৰেঞ্জ কেপ জয় কৰিছিল ।
আইপিএলত আত্মপ্ৰকাশৰ পিছৰে পৰা গুজৰাট টাইটানছৰ ঈৰ্ষণীয় দৌৰত অপেনাৰজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । বিগত ছিজনত তেওঁ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৬০ টা বলত ১২৯ ৰাণ সংগ্ৰহ কৰিছিল । যিটো হৈছে আইপিএলৰ প্লে-অফত কোনো বেটাৰৰ সৰ্বোচ্চ প্ৰদৰ্শন । "গুজৰাট টাইটানছৰ অধিনায়কত্ব গ্ৰহণ কৰি মই আনন্দিত আৰু গৌৰৱান্বিত । এনে এক সুন্দৰ দলৰ নেতৃত্ব মোৰ ওপৰত ন্যস্ত কৰাৰ বাবে তেওঁলোকৰ যি বিশ্বাস তাৰ বাবে ফ্ৰেন্সাইজীটোক ধন্যবাদ জনাইছোঁ । আমাৰ দুটা ব্যতিক্ৰমী ছিজন আছে আৰু মই আমাৰ ৰোমাঞ্চকৰ ব্ৰেণ্ডৰ ক্ৰিকেটৰ সৈতে দলটোক নেতৃত্ব দিয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ ।" অধিনায়কত্ব লাভৰ পিছত গিলে গিলে নিজৰ অনুভৱ ব্যক্ত কৰি কয় ।
উল্লেখ্য যে ২০২২ চনত অভিষেক ছিজনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ জয় কৰাৰ পিছত গুজৰাট টাইটানছে পৰৱৰ্তী ছিজনতো ফাইনেলত উপনীত হয় যদিও চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হয় । গিলে বিগত আইপিএলত তিনিটা শতক অৰ্জন কৰে । কেৱল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বেটাৰ বিৰাট কোহলী (২০১৬) আৰু ৰাজস্থান ৰয়েলছৰ বেটাৰ জছ বাটলাৰেহে (২০২২) এটা আইপিএল ছিজনত সৰ্বাধিক শতক চাৰিটাকৈ কৰিছে ।