স্পৰ্টছ ডেস্ক,২৮ মে':আইপিএলৰ ২০২২ ছিজনত ফাইনেলত ৰাজস্থান ৰয়েলছ (RR in IPL 2022 final) । শুকুৰবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত কোৱালিফায়াৰ ২ৰ খেলখনত ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুক (RCB) পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে দলটো (RR beat RCB in IPL Qualifier 2 match)। ২০০৮ চনত আইপিএলৰ খিতাপ অৰ্জনৰ পাছত বিগত ছিজন কেইটাত অতি পৰিশ্ৰম কৰা দেখা গৈছিল দলটোক । কিন্তু দলটোৰ প্ৰদৰ্শনত প্ৰতিবাৰে নিৰাশ হ'বলগা হৈছিল ৰাজস্থানৰ দৰ্শক ।
কিন্তু চলিত ছিজনত প্ৰথমৰ পৰাই আক্ৰমণাত্মক ৰূপত দেখা গৈছে দলটোৰ বলাৰ আৰু বেটছমেনসকলক । যাৰ বাবে ফাইনেললৈ অৱতীৰ্ণ হ'ল দলটো । শুকুৰবাৰে অতি শ্বাসৰূদ্ধকৰ খেলখনত বেটিং আৰু বলিং দুয়োটা ক্ষেত্ৰতে দলটোৱে উন্নত প্ৰদৰ্শন কৰে ।
বিশেষকৈ বলাৰৰ যাদুৱে ধৰাশায়ী কৰে RCB দলটোক । গুৰুত্বপূৰ্ণ খেলখনত ৰাজস্থানে প্ৰথমে ফিল্ডিং কৰি ১৫৭ ৰাণতে বান্ধি ৰাখে RCB ক (RR restrict RCB to 157 runs in 2nd qualifier)। প্ৰসিদ্ধ কৃষ্ণই ২২ ৰাণ দি ৩ উইকেট দখল কৰে । একেদৰে ওবেদ মেককয়ও ৩ টা উইকেট দখল কৰে ।
ট্ৰেণ্ট ব'ল্ট আৰু ৰবিচন্দ্ৰন অশ্বিনেও ১টাকৈ উইকেট দখল কৰে । ইফালে RCBৰ হৈ ৰজত পাতিদাৰে সৰ্বাধিক ৫৮ ৰাণ সংগ্ৰহ কৰে । ফাফ ডু প্লেচিছে ২৫ ৰাণ আৰু গ্লেন মেক্সৱেলে ২৪ ৰাণৰ সৈতে আইপিএল ২০২২ ছিজন শেষ কৰে ।