অসম

assam

ETV Bharat / sports

জিৰোৰ পৰা হিৰো : আইপিএল 2020 ত উজ্বলি উঠা যুৱ খেলুৱৈসকল

পূৰ্বৰ আইপিএল ছিজন সমূহৰ দৰে এইবছৰৰ আইপিএল ছিজনতো বহুকেইজন যুৱ ক্ৰিকেটাৰে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে ৷ তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হৈছে, দেৱদত্ত পাল্লিকাল, ৰাহুল তেৱাটিয়া, ৰবী বিষ্ণৈ, টি. নটৰাজন, ৰুতুৰাজ গায়কৱাড, বৰুণ চক্ৰৱৰ্তী, অৰ্শদ্বীপ সিং আদি ৷

By

Published : Nov 3, 2020, 10:35 PM IST

আইপিএল 2020
আইপিএল 2020

স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ :পূৰ্বৰ আইপিএল ছিজন সমূহৰ দৰে এইবছৰৰ আইপিএল ছিজনতো বহুকেইজন যুৱ ক্ৰিকেটাৰে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে ৷ তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হৈছে, দেৱদত্ত পাল্লিকাল, ৰাহুল তেৱাটিয়া, ৰবী বিষ্ণৈ, টি. নটৰাজন, ৰুতুৰাজ গায়কৱাড, বৰুণ চক্ৰৱৰ্তী, অৰ্শদ্বীপ সিং আদি ৷ সীমিত সুবিধা লাভ কৰি কাৰ্তিক ত্যাগী, তুষাৰ দেশপাণ্ডে, ৰিয়ান পৰাগ, প্ৰিয়ম গাৰ্গ আৰু আব্দুল ছামাদেও ভাল প্ৰদৰ্শন দেখুৱালে ৷ এই ক্ৰিকেটাৰসকলে ভৱিষ্যতে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি ৷

আইপিএল 2020 ৰ এনে কিছু যুৱ প্ৰতিভা -

দেৱদত্ত পাল্লিকাল : 20 বৰ্ষীয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ (RCB) দেৱদত্ত পাল্লিকালে বৰ্তমানলৈকে 14 টা ইনিংছত পাঁচটা অৰ্ধশতকেৰে সংগ্ৰহ কৰিছে 472 ৰাণ ৷ 125 ষ্ট্ৰাইক ৰেটৰ লগতে তেওঁ সংগ্ৰহ কৰিছে 52 টা চাৰি আৰু 8 টা ছয় ৷

দেৱদত্ত পাল্লিকাল

ৰাহুল তেৱাটিয়া :পইন্ট তালিকাৰ অন্তিম স্থানত থাকিলেও ৰাজস্থান ৰয়েলছ দলৰ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৰাহুল তেৱাটিয়াই ৷ শ্বেলডন কট্ৰেলৰ বলত এটা অ'ভাৰত পাঁচটা ছয় কোবাই ক্ৰীড়ামহলত চৰ্চিত হৈছিল তেৱাটিয়া ৷ সেই মেচত 53 ৰাণৰ ইনিংছ গঢ়ি দলক জয়ী কৰাইছিল তেৱাটিয়াই ৷ এই ইনিংছৰ জৰিয়তে তেওঁ একে ৰাতিৰ ভিতৰতে তাৰকালৈ পৰিণত হৈছিল ৷ মুঠ 11 টা ইনিংছত তেৱাটিয়াই সংগ্ৰহ কৰিছে 255 ৰাণ ৷ লগতে সংগ্ৰহ কৰিছে 10 টাকৈ উইকেট ৷

ৰাহুল তেৱাটিয়া

ৰবী বিষ্ণৈ :লেগ স্পীনাৰ ৰবী বিষ্ণৈয়ে অভিষেক কৰা আইপিএলতে 14 টাকৈ ইনিংছত সংগ্ৰহ কৰিছে 12 টা উইকেট ৷ ইয়াৰ জৰিয়তে কিংছ ইলেভেন পাঞ্জাৱ দলৰ অন্যতম তাৰকা খেলুৱৈ হিচাপে পৰিগণিত হৈছে যুৱ ক্ৰিকেটাৰ গৰাকী ৷ ডেভিদ ৱাৰ্ণাৰ, ঋষভ পন্ত, এৰন ফিন্স, ইয়ন মৰ্গানৰ দৰে বেটছমেনৰ উইকেট দখল কৰিবলৈ সক্ষম হৈছে বিষ্ণৈয়ে ৷ বলিঙত অনিল কুম্বলেৰ দৰে কিছু সাদৃশ্য থকা বিষ্ণৈয়ে ফ্লিপাৰ, টপ স্পীনাৰ আৰু গুগলীৰ জৰিয়তে বেটছমেনক ধৰাশায়ী কৰিবলৈ সক্ষম হৈছে ৷

ৰবী বিষ্ণৈ

টি নটৰাজন : ছানৰাইজাৰ্ছ হায়দৰাবাদেও লাভ কৰিছে এক নতুন বাঁওহতীয়া পেচাৰ টি নটৰাজন ৷ ভূৱনেশ্বৰ কুমাৰৰ অনুপস্থিতিত 29 বৰ্ষীয় তামিলনাডুৰ খেলুৱৈ নটৰাজনে ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে ৷ 13 খন মেচৰ পৰা তেওঁ 14 টাকৈ উইকেট সংগ্ৰহ কৰিছে আৰু উইকেট দখল কৰিবৰ বাবে অধিনায়ক ডেভিদ ৱাৰ্ণাৰৰ অন্যতম পছন্দৰ বলাৰ হৈ পৰিছে টি নটৰাজন ৷

টি নটৰাজন

ৰুতুৰাজ গায়কৱাড :চেন্নাই দলে এইবাৰ সৰ্বনিম্ন প্ৰদৰ্শন আগবঢ়ালেও দলটোৱে লাভ কৰিলে এজন সোঁহতীয়া বেটছমেন - ৰুতুৰাজ গায়কৱাড ৷ গায়কৱাডে 6 টাকৈ ইনিংছ খেলি 52 গড়েৰে 204 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ তিনিটাকৈ অৰ্ধশতক অৰ্জন কৰে গায়কৱাডে ৷

ৰুতুৰাজ গায়কৱাড

বৰুণ চক্ৰৱৰ্তী : কলকাতা নাইট ৰাইডাৰ্ছৰ লেগ স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে 13 খন মেচৰ পৰা সংগ্ৰহ কৰিছে 17 টাকৈ উইকেট ৷ দূৰ্দান্ত প্ৰদৰ্শনৰ বাবেই তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলগা ভাৰতীয় দলৰ টি-20 স্কোৱাডতো স্থান লাভ কৰিছে ৷

বৰুণ চক্ৰৱৰ্তী

অৰ্শদ্বীপ সিং : কিংছ ইলেভেন পাঞ্জাৱৰ আন এজন যুৱ খেলুৱৈ হৈছে অৰ্শদ্বীপ সিং ৷ 8 খন মেচৰ পৰা 9 টা উইকেট দখল কৰা ছয় ফুট তিনি ইঞ্চি উচ্চতাৰ ক্ৰিকেটাৰগৰাকীয়ে ৰোহিত শৰ্মা, মনিষ পাণ্ডে, আন্দ্ৰে ৰাছেল আদিৰ উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷ 21 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে নিজৰ প্ৰদৰ্শনৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় পৰ্যায়তো দেশক প্ৰতিনিধিত্ব কৰাৰ প্ৰতিভা আছে বুলি বহুতে অনুভৱ কৰিছে ৷

অৰ্শদ্বীপ সিং

লগতে পঢ়ক :প্লে' অফত প্ৰৱেশৰ বাবে হায়দৰাবাদক সমৰ্থন ব্ৰায়ান লাৰাৰ

ABOUT THE AUTHOR

...view details