অসম

assam

ETV Bharat / sports

কিংছ ইলেভেন পঞ্জাৱত অংশ লৈ অনুভৱ ব্যক্ত যুৱ বলাৰ ৰবি বিষ্ণইৰ

2020 বৰ্ষৰ 19 বৰ্ষৰ অনুৰ্ধৰ বিশ্বকাপত সৰ্বাধিক উইকেট সংগ্ৰহ কৰা আৰু আইপিএল-2020ত বৰ্তমানলৈ 10 খন মেচত 9 টা উইকেট সংগ্ৰহ কৰা যুৱ বলাৰ ৰৱি বিষ্ণইৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ...

By

Published : Oct 23, 2020, 10:42 AM IST

Updated : Oct 23, 2020, 1:51 PM IST

Youth bowler Ravi Bishnoi talks about Kings XIP Punjab
কিংছ ইলেভেন পঞ্জাৱত অংশ লৈ অনুভৱ ব্যক্ত যুৱ বলাৰ ৰবি বিষ্ণইৰ

স্প’ৰ্টছ ডেস্ক,23 অক্টোবৰ : চলিত বৰ্ষৰ 19 বৰ্ষৰ অনুৰ্ধৰ বিশ্বকাপত সৰ্বাধিক উইকেট সংগ্ৰহ কৰা আৰু আইপিএল-2020ত বৰ্তমানলৈ 10 খন মেচত 9 টা উইকেট সংগ্ৰহ কৰা বলাৰ ৰৱি বিষ্ণই ৷ 7.91 ইকন’মীৰ সৈতে টি-20 ক্ৰিকেটত তেওঁৰ ভাল প্ৰদৰ্শনৰ এয়া এক প্ৰয়াস ৷

ৰৱি বিষ্ণইয়ে নিজৰ ভাল প্ৰদৰ্শনেৰে কিংছ ইলেভেন পঞ্জাৱ দলক ব্যাপক ৰূপত প্ৰভাৱিত কৰিছে ৷ বিষ্ণইয়ে শীৰ্ষ তিনিটা দল মুম্বাই ইণ্ডিয়ানছ,দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শন কৰে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰৱি বিষ্ণইয়ে কিংছ ইলেভেন পঞ্জাৱৰ গেম প্লেন,ড্ৰেছিং ৰুম আদি সকলো মূহুৰ্তৰ কথা ব্য়ক্ত কৰে ৷ এইবাৰৰ আইপিএলত গেইল,কুম্বলে আৰু ৰাহুল তেওঁৰ আটাইতকৈ প্ৰিয় স্পীনাৰ বুলি মন্তব্য কৰে বলাৰ গৰাকীয়ে ৷

ৰবি বিষ্ণইৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ইটিভি ভাৰত : আপুনি 19 বৰ্ষৰ অনুৰ্ধৰ বিশ্বকাপত ভাল প্ৰদৰ্শন কৰিছে আৰু এতিয়া কিংছ ইলেভেন পঞ্জাৱৰ সুদক্ষ খেলুৱৈৰ সৈতে খেলি আছে ৷ এই সন্দৰ্ভত আপোনাৰ অনুভৱ কেনেকুৱা?

ৰৱি বিষ্ণই: হয়,আমি সকলোৱে সুদক্ষ ক্ৰিকেটাৰ সকলৰ সৈতে একেলগে খেলাৰ সপোন দেখো ৷ মই কিংছ ইলেভেন পঞ্জাৱৰ সুদক্ষ খেলুৱৈসকলৰ সৈতে একেলগে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰিছো ৷ আমাৰ সৈতে ক্ৰিছ গেইল,ৰাহুল ভাইৰ দৰে মহাল খেলুৱৈসকল আছে ৷

ইটিভি ভাৰত : বিগত এবছৰত হোৱা সলনি সন্দৰ্ভত আপুনি কি ভাবে? এতিয়া আপুনি অনিল কুম্বলেৰ ছত্ৰছায়াত খেলি আছে,কে এল ৰাহুল আপোনাৰ কেপ্তেইন,দ্যা বছ ক্ৰিছ গেইল আপোনাৰ সৈতে আছে ৷ আপুনি বিৰাট কোহলী আৰু ধোনীৰ উইকেটো লৈছে ৷ এইবোৰৰ ক্ষেত্ৰত আপুনি কেনেকুৱা অনুভৱ কৰে?

ৰৱি বিষ্ণই: এইটো এক ভাল অনুভৱ ৷ অনিল ছাৰ সদায়েই মোৰ আদৰ্শ ৷ মই তেওঁক টিভিত দেখিছিলো আৰু এতিয়া তেওঁৰ সৈতে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰিবলৈ,তেওঁৰ সৈতে খেলিবলৈ সুযোগ পাইছো ৷ তেওঁৰ পৰা মই বহু শিকিবলৈ পাইছো ৷ দ্যা বছ টি-20ৰ বাদশ্বাহ ৷ তেওঁৰ আশে-পাশে হোৱাটোও এক সৌভাগ্য ৷

ইটিভি ভাৰত: চলিত লীগত আপোনাৰ পচন্দৰ লেগ স্পীনাৰ কোন?

ৰৱি বিষ্ণই: মই ভাবো য়ুজৱেন্দ্ৰ চহল আৰু ৰাছিদ খানে বাস্তৱিকতে ভাল প্ৰদৰ্শন কৰি আছে ৷ দুয়োগৰাকীৰ পৰা মই বহু শিকিবলৈ পাইছো ৷ ৰাছিদৰ কৌশল আৰু চহলৰ মানসিকতাৰ পৰা বহু শিকিব পাৰি ৷

ইটিভি ভাৰত : 19 বৰ্ষৰ অনুৰ্ধৰ বিশ্বকাপত আপুনি অসাধাৰণভাৱে ভাল প্ৰদৰ্শন কৰিছে আৰু আপোনাৰ সফলতাৰ সৈতে আপোনাৰ অপেক্ষাও বৃদ্ধি পাইছে ৷ এইবোৰক লৈ আপুনি কেতিয়াবা চিন্তা অনুভৱ কৰিছেনে?

ৰৱি বিষ্ণই: নিশ্চয়,সদায় চিন্তা থাকে ৷ কাৰণ আইপিএল বিশ্বৰ আটাইতকৈ ডাঙৰ লীগ ৷ কিন্তু তথাপিও এইটো এটা ভাল সুযোগ আৰু ইয়াত উৎসাহিত হ’ব পৰা যায় ৷ এই লীগৰ দ্বাৰা আপুনি আৰু ভাল প্ৰদৰ্শন কৰাৰ সুবিধা পাব পাৰে ৷ মই উৎসাহিত যদিও চিন্তিত হৈ আছিলো ৷ আমি সকলোৱে নিজৰ নিজৰ দলটোৰ জয়ীৰ বাবে প্ৰয়াস কৰি আছো ৷ মই প্ৰথমখন মেচত অলপ ভয় খাইছিলো যদিও লাহে লাহে ভয় কমি গৈ থাকে ৷

লগতে পঢ়ক :IPL 2020: নতুন ৰেকৰ্ডেৰে চৰ্চাত মোহাম্মদ ছিৰাজ

Last Updated : Oct 23, 2020, 1:51 PM IST

ABOUT THE AUTHOR

...view details