অসম

assam

By

Published : Nov 7, 2020, 7:31 PM IST

ETV Bharat / sports

RCB ৰ অধিনায়কৰ পৰা কোহলীক অব্যাহতি দিয়াৰ সময় : গম্ভীৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ অধিনায়ক বিৰাট কোহলীক সমালোচনা প্ৰাক্তন ভাৰতীয় বেটছমেন গৌতম গম্ভীৰৰ ৷ বেংগালুৰৰ অধিনায়কৰ পদৰ পৰা কোহলীক অব্যাহতি দিব লাগে বুলি মন্তব্য গম্ভীৰৰ ৷

প্ৰাক্তন ভাৰতীয় বেটছমেন
গৌতম গম্ভীৰ

স্পৰ্টছ ডেস্ক, 7 নৱেম্বৰ :ভাৰতৰ প্ৰাক্তন অ'পেনাৰ তথা দুবাৰৰ আইপিএল চেম্পিয়ন অধিনায়ক গৌতম গম্ভীৰে কয় যে, বেংগালুৰৰ অধিনায়ক হিচাপে কোহলীৰ প্ৰদৰ্শন অনুন্নত হোৱা বাবে তেওঁক অধিনায়কৰ পদৰ পৰা অব্যাহতি দিয়া উচিত ৷

ভাৰতক দুবাৰকৈ বিশ্ব চেম্পিয়নৰ সোৱাদ দিয়া দলৰ অন্যতম খেলুৱৈ গৌতম গম্ভীৰক স্পষ্টবাদীতাৰ বাবে জনা যায় ৷ গম্ভীৰে কয় যে, আইপিএলৰ সৰ্বাধিক সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মাৰ সৈতে কোহলীৰ নাম লোৱাটো অনুচিত ৷

কোহলীক বেংগালুৰৰ অধিনায়কৰ পৰা অব্যাহতি দিয়া সম্পৰ্কত গম্ভীৰে কয়, "100 শতাংশই, কিয়নো সমস্যাটো হৈছে দলৰ নেতৃত্বৰ ৷ এটাও ট্ৰফী লাভ নকৰাকৈ টুৰ্ণামেন্টৰ আঠটা বছৰ, আঠ বছৰ এক দীঘলীয়া সময় ৷"

বিৰাট কোহলী

"মোক এনে এজন অধিনায়কৰ নাম কওঁক, এজন ক্ৰিকেটাৰৰ নাম কওঁক যি আঠ বছৰ লাভ কৰাৰ পাচতো এটা ট্ৰফীও দখল কৰিবলৈ সক্ষম হোৱা নাই ৷ "

উল্লেখ্য যে, গম্ভীৰৰ নেতৃত্বত কলকাতা নাইট ৰাইডাৰ্ছ দলে 2012 আৰু 2014 চনত আইপিএলৰ খিতাপ দখল কৰিছিল ৷ বিৰাট কোহলী সম্পৰ্কত তেওঁ কয়, "টাইম আউট ৷ কিন্তু তেওঁ নিজে কোৱা উচিত যে, হয় ইয়াৰ বাবে মই দায়ী ৷"

গম্ভীৰে লগতে কিংছ ইলেভেন পাঞ্জাৱৰ উদাহৰণ দি কয় যে, দুটা ছিজনত অধিনায়ক হিচাপে অসফল হোৱা বাবে অফ স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনক অধিনায়কৰ পদৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছিল ৷

তেওঁ কয়, "আঠ বছৰ বহু সময় ৷ আৰ. অশ্বিনৰ কি হৈছিল সকলোৱে দেখা পাইছে ৷ দুবছৰৰ অধিনায়কত্বত তেওঁ ভাল প্ৰদৰ্শন কৰিব নোৱাৰা বাবে তেওঁক অব্যাহতি দিয়া হৈছিল ৷"

গম্ভীৰে কয় যে, পঞ্চমটো ট্ৰফী দখলৰ দিশে আগবঢ়া ৰোহিতৰ বাবে দলটোৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

তেওঁ কয়, "আমি ধোনীৰ বিষয়ে আলোচনা কৰো, আমি ৰোহিত শৰ্মাৰ বিষয়ে আলোচনা কৰো, আমি বিৰাট কোহলীৰ বিষয়ে আলোচনা কৰো...কিন্তু ধোনীয়ে তিনিটা আৰু ৰোহিত শৰ্মাই চাৰিটা ট্ৰফী দখল কৰিছে আৰু সেয়েহে তেওঁলোক এই দলকেইটাৰ অধিনায়ক হৈ আছে ৷"

"মই নিশ্চিত যে, ৰোহিতেও আঠ বছৰ প্ৰদৰ্শন কৰিব নোৱাৰিলে তেওঁকো অধিনায়কৰ পৰা অব্যাহতি দিয়া হ'ব ৷ পৃথক লোকৰ বাবে পৃথক নিয়ম থাকিব নোৱাৰে ৷"

"আপুনিয়ে নেতৃত্ব প্ৰদান কৰিব আপুনিয়ে অধিনায়কো হ'ব ৷ যিদৰে কৃতিত্ব লাভ কৰিবলৈ সাজু তেনেদৰে সমালোচনা ল'বলৈও সাজু থাকিব লাগে ৷"

তেওঁ লগতে কয় যে, ক্ৰমে চাৰিখনকৈ মেচত পৰাস্ত হোৱাৰ পাচত বেংগালুৰ দলে প্লে' অফতো স্থান লাভ কৰাৰ যোগ্য নাছিল ৷

লগতে পঢ়ক :আঘাত স্বত্বেও বিশ্বকাপ কোৱালিফায়িংলৈ নেইমাৰ

ABOUT THE AUTHOR

...view details