অসম

assam

ETV Bharat / sports

আই পি এল : দেওবাৰৰ দ্বিতীয়খন খেল মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ

আজিৰ দ্বিতীয়খন খেল মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ'ব ৷ ডুবাইৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত সন্ধিয়া 7 বাজি 20 মিনিটত অনুষ্ঠিত হ'ব খেলখন ৷

By

Published : Oct 11, 2020, 7:00 PM IST

MI vs DC prediction, Today Match Delhi VS Mumbai
আজিৰ দ্বিতীয় খেলঃ মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ

স্পৰ্টছ ডেস্ক, 11 অক্টোবৰ : আজিৰ দ্বিতীয়খন খেল মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ'বডুবাইৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন ৷ ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7 বাজি 30 মিনিটত অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে, বিগত খেল সমূহত দুয়োটা দলে সুন্দৰ পাৰদৰ্শিতা দেখুৱাই দলৰ নাম উজ্বলাবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে, দুয়োটা দলে শীৰ্ষ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷ আজিৰ খেলখনক লৈয়ো দুয়োটা দলৰ মাজত ব্যাপক উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ অনুৰাগীৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা পৰিলক্ষিত হৈছে ৷ কিয়নো সমুখ সমৰত নামিব লগা দুয়োটা দল বলিং, বেটিং আৰু ফিল্ডিঙৰ ফালৰ পৰা সম পৰ্যায়ৰ ৷

উল্লেখ্য যে, দিল্লী কেপিটেলছে 6 খন খেলৰ ভিতৰত 5 খন খেলত জয়লাভ কৰি পইণ্টৰ তালিকাত শীৰ্ষ স্থানত আছে ৷ একেদৰে মুম্বাই ইণ্ডিয়ানছে 8 টা পইণ্টেৰে দ্বিতীয় স্থানত স্থানত আছে ।

লগতে পঢ়ক :আই পি এল : ৰাজস্থানৰ সমুখত 159 ৰাণৰ লক্ষ্য

ABOUT THE AUTHOR

...view details