অসম

assam

ETV Bharat / sports

আইপিএল2020: কেএল ৰাহুলৰ শিৰত ‘Orange Cap’,ৰাবাডাৰ শিৰত ‘Purple Cap’ - কেএল ৰাহুল

কিংছ ইলেভেন পঞ্জাৱ দলৰ অধিনায়ক কেএল ৰাহুলে 5 খন মেচত এটা শতক আৰু দুটাকৈ অৰ্ধশতকৰ সৈতে মুঠ 302 ৰাণ সংগ্ৰহ কৰি ‘Orange Cap’ আৰু দিল্লী কেপিটেলছৰ কাগিছ’ ৰাবাডাই 5 খন মেচত 12 টা উইকেট দখলেৰে ‘Purple Cap’ লাভ কৰিবলৈ সক্ষম হৈছে ৷

IPL2020: Orange Cap stays with KL Rahul, Rabada holds onto Purple Cap
আইপিএল2020: কেএল ৰাহুলৰ শিৰত ‘Orange Cap’,ৰাবাডাৰ শিৰত ‘Purple Cap’

By

Published : Oct 7, 2020, 4:52 PM IST

স্প’ৰ্টছ ডেস্ক,7 অক্টোবৰ: আইপিএলৰ কিংছ ইলেভেন পঞ্জাৱ দলৰ অধিনায়ক কেএল ৰাহুল আৰু দিল্লী কেপিটেলছৰ তীব্ৰ ব’লাৰ কাগিছ’ ৰাবাডাই মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত হোৱা মেচৰ পাচত লাভ কৰিছে ক্ৰমে ‘Orange Cap আৰু ‘Purple Cap’ ৷

আইপিএল2020: কেএল ৰাহুলৰ শিৰত ‘Orange Cap’,ৰাবাডাৰ শিৰত ‘Purple Cap’

অ’পেনাৰ কেএল ৰাহুলে বৰ্তমানলৈ 5 খন মেচত এটা শতক আৰু দুটাকৈ অৰ্ধশতকৰ সৈতে মুঠ 302 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ৰাহুলৰ পাচত চেন্নাই চুপাৰ কিংছৰ ডু প্লেছিছে 282 ৰাণৰ সৈতে দ্বিতীয় স্থানত আছে ৷ আনহাতে,272 ৰাণৰ সৈতে কিংছ ইলেভেন পঞ্জাৱৰ বেটছমেন ময়ংক আগৰৱাল তৃতীয় স্থানত আছে ৷

ব’লাৰৰ তালিকাত দিল্লীৰ কাগিছ’ ৰাবাডাই 5 খন মেচত 12 টা উইকেট দখল কৰি তানিকাৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয় ৷ ৰাবাডাৰ পাচত মুম্বাইৰ জচপ্ৰীত বুমৰাহই 11 টা উইকেটেৰে দ্বিতীয় স্থানত আৰু 6 খন মেচত 10 টা উইকেট দখলেৰে ট্ৰেণ্ট বোল্ড তালিকাৰ তৃতীয় স্থানত আছে ৷

ইয়াৰোপৰি,পইণ্ট তালিকাত 8 পইণ্টৰ সৈতে বৰ্তমানলৈ শীৰ্ষস্থানত আছে মুম্বাই ইণ্ডিয়ানছ ৷ দ্বিতীয় স্থানত দিল্লী আছে যদিও দিল্লীৰ ৰাণ ৰেট চেন্নাইতকৈ কম ৷

লগতে পঢ়ক:শিৱসাগৰৰ তিনি খেলপথাৰৰ দুৰাৱস্থা; কাণসাৰ নাই চৰকাৰ প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details