অসম

assam

ETV Bharat / sports

পঞ্চম বাৰৰ বাবে আইপিএলৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে - ঋষভ পন্ত

আইপিএলৰ 13 তম সংস্কৰণৰ ফাইনেল মেচত ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দলে ইতিহাস ৰচি দিল্লী কেপিটেলচৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ কৰি আইপিএল-13 ৰ খিতাপ নিজৰ নামত অৰ্জন কৰিবলৈ সক্ষম হয় ৷

ipl-final-news
পঞ্চম বাৰৰ বাবে আইপিএলৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে

By

Published : Nov 11, 2020, 1:10 AM IST

নিউজ ডেস্ক, 11 নৱেম্বৰ : আইপিএলৰ 13 তম সংস্কৰণৰ ফাইনেল মেচত ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দলে ইতিহাস ৰচি দিল্লী কেপিটেলচৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ কৰি আইপিএল-13 ৰ খিতাপ নিজৰ নামত অৰ্জন কৰিবলৈ সক্ষম হয় ৷

পঞ্চম বাৰৰ বাবে আইপিএলৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে

ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত হোৱা মেচত দিল্লী কেপিটেল্চৰ অধিনায়ক শ্ৰেয়ৰ্স আয়াৰে টচত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দিল্লী কেপিটেলচে নিৰ্ধাৰিত 20 অভাৰত সাত উইকেট হৰুৱাই 156 ৰাণ সংগ্ৰহ কৰে ৷ উক্ত লক্ষ্য অনুসৰণ কৰি মুম্বাই বাহিনীয়ে অন্তিম আঠটা বল থাকোতেই মেচখনত বিজয় সাব্যস্ত কৰে ৷

ক্বিন্টন ডী ক‘কে ৰোহিত শৰ্মাৰ সৈতে প্ৰথম উইকেটলৈকে যুটীয়া ভাৱে 45 ৰাণ সংগ্ৰহ কৰে ৷ পঞ্চম অভাৰৰ প্ৰথমটো বলত মাৰ্কাচ ষ্টোনিছে ডি ক‘কক আউট কৰে ৷ ডী ক‘কে 12 বলত 20 ৰাণ সংগ্ৰহ কৰে ৷ তেওঁৰ পাছতে খেলিবলৈ আহে সূৰ্যকুমাৰ যাদৱ ৷ যাদৱে আহিয়েই আক্ৰমণাত্মক ৰূপত এটা বাউন্ডেৰী আৰু এটা ছিক্সাৰৰ সহায়ত 19 ৰাণ বনাই 11 নম্বৰ অভাৰত ৰাণ আউট হয় ৷ আনহাতে কেপ্তেইন ৰোহিত শৰ্মাই অৰ্ধশতক অৰ্জন কৰে ৷ ৰোহিত শৰ্মাই 51টা বলত 68 ৰাণ সংগ্ৰহ কৰে ৷ এনৰিক নোখৰিয়াই ৰোহিত শৰ্মাক আউট কৰে ৷ ইশান কিশনে 19 টা বলত 33 ৰাণ সংগ্ৰহ কৰি নটআউট হৈ থাকে ৷ হাৰ্দিক পাণ্ডিয়াই দলটোৰ হৈ পাঁচ ৰাণ সংগ্ৰহ কৰে ৷

পঞ্চম বাৰৰ বাবে আইপিএলৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে

আনহাতে দিল্লী কেপিটেলচৰ হৈ নোখৰিয়াই 2 টা উইকেট, কগিছো ৰাবাডা আৰু ষ্টোইনিছে এটা এটা উইকেট লাভ কৰে ৷

ইয়াৰ পূৰ্বে দিল্লী কেপিটেলচে প্ৰথমে বেটিং কৰি 20 অভাৰত সাত উইকেট হেৰুৱাই 156 ৰাণ সংগ্ৰহ কৰে ৷ দিল্লী কেপিটেল্চৰ হৈ ঋষভ পন্তে 38 বলত 56 ৰাণ সংগ্ৰহ কৰে ৷ কেপ্টেইন শ্ৰেয়াস আয়াৰৰ সৈতে ঋষভ পন্তে প্ৰথম উইকেটলৈকে 96 ৰাণ যুটীয়া ভাৱে সংগ্ৰহ কৰে ৷ আয়াৰে 65 ৰাণ সংগ্ৰহ কৰি নটআউট থাকে ৷

মুম্বাই ইণ্ডিয়ানছৰ হৈ বলিং কৰি ট্ৰেণ্ট বোল্টে 3, নাথন কুল্টৰ নাইলে 2 টাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :বুধবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব অৰ্ণৱ গোস্বামীৰ আবেদনৰ শুনানি

ABOUT THE AUTHOR

...view details