নিউজ ডেস্ক, 10 নৱেম্বৰ: মুম্বাই ইণ্ডিয়ান্স দলৰ অভিজ্ঞ খেলুৱৈ কিৰণ পোলাৰ্ডে কয় যে, বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলৰ পাছত আই পি এলৰ ফাইনেল সবাতোকৈ মহত্বপূৰ্ণ ৷ আইপিএলৰ চলি থকা 13তম সংস্কৰণৰ চুড়ান্ত মেচখন আজি মুম্বাই ইণ্ডিয়ান্স আৰু দিল্লী কেপিটেল্চৰ মাজত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ‘ব ৷
আজিৰ ফাইনেল যুঁজখন অনুষ্ঠিত হোৱাৰ পূৰ্বে পোলাৰ্ডে কয় যে, "ফাইনেল মেচখনক হেঁচাৰ নাম দিব পাৰি ৷ প্ৰত্যেকগৰাকী খেলুৱৈৰ ওপৰত চাপ থাকে ৷ আপুনি জিকিব বিচাৰে আৰু ভুল কৰিব নিবিচাৰে; কিন্তু দিনটোৰ শেষত আপুনি খেলখনক এক সামান্য খেল হিচাপে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগিব ৷ "
আইপিএল ফাইনেল মেচ সন্দৰ্ভত কি ক'লে কিৰণ পোলাৰ্ডে? উল্লেখ্য যে, মুম্বাই ইণ্ডিয়ান্সে চলিত বৰ্ষত ষষ্ঠ বাৰৰ বাবে আইপিএলৰ ফাইনেল মেচখন খেলিব আৰু ইতিমধ্যে দলটোৱে চাৰিবাৰ আইপিএলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এইবাৰ পঞ্চমবাৰৰ বাবে ট্ৰফী জিকিবলৈ চেষ্টা চলাব ৷
আনহাতে পোলাৰ্ডৰ বিষয়ে কবলৈ গ‘লে, তেওঁ মুম্বাই ইণ্ডিয়ান্সৰ খেলুৱৈ সকলৰ ভিতৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ তদুপৰি 13 তম সংস্কৰণতো তেখেতে সন্তোষজনক খেল প্ৰদৰ্শন কৰে ৷ 11 খন মেচত তেখেতে 190.44 ৰ সুন্দৰ ষ্ট্ৰাইক ৰেটৰ সৈতে 259 ৰাণ সংগ্ৰহ কৰা দেখিবলৈ পোৱাৰ লগতে 15 খন মেচত 4 টা উইকেটো সৰকাবলৈ সক্ষম হয় ৷
লগতে পঢ়ক: বিগত বৰ্ষৰ তুলনাত হিমাচলত আপেলৰ উৎপাদন 30% হ্ৰাস