স্পৰ্টছ ডেস্ক, 12 অক্টোবৰ : আইপিএলৰ 28 সংখ্যক মেচত আজি মুখামুখি হৈছে কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷ শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰাট কোহলী নেতৃত্বাধীন বেংগালুৰ দলে ৷
আজিৰ মেচত কলকাতাৰ হৈ আইপিএলত অভিষেক ঘটালে টম বেন্টনে ৷ ইয়ান মৰ্গানে তেওঁৰ হাতত দলৰ টুপী প্ৰদান কৰে ৷ সুনীল নাৰায়নৰ স্থানত দলত অন্তৰ্ভূক্ত কৰা হৈছে টম বেন্টনক ৷ আনহাতে, বেংগালুৰ দলত গুৰকিৰত সিং মানৰ স্থানত দলত অন্তৰ্ভূক্ত কৰা হৈছে মহম্মদ ছিৰাজক ৷
পূৰ্বৰ ছিজনৰ তুলনাত এইবাৰ ভাল প্ৰদৰ্শন আগবঢ়াইছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে ৷ আনহাতে, জয়ৰ ধাৰা অব্যাহত ৰাখি চাৰিখন মেচ জয়েৰে কলকাতা দলে শীৰ্ষ চাৰিটা দলৰ মাজত স্থান লাভ কৰিছে ৷
পূৰ্বৰ মেচত বেংগালুৰ দলে চেন্নাই দলক পৰাস্ত কৰাৰ বিপৰীতে কলকাতাই 2 ৰাণত পাঞ্জাৱ দলক পৰাস্ত কৰিছিল ৷