স্পৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰ :আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত সোমবাৰে তৃতীয়খন মেচত বিৰাট কোহলিৰ সৈতে সন্মুখ সমৰত নামে ডেভিদ ৱাৰ্ণাৰ ৷ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি 7.30 বজাত অনুষ্ঠিত হোৱা এই উত্তেজনাপূৰ্ণ মেচখনত শেষ হাঁহি মাৰে বিৰাট কোহলী নেতৃত্বধীন ৰয়েল চেলেঞ্জাৰ্ছে ৷ মেচখনত যুজৱেন্দ্ৰ চহলক "প্লেয়াৰ অৱ ডি মেচ"প্ৰদান কৰা হয় ৷
আজিৰ মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে দেৱদত্ত পডীক্কল {56 (42)}, এবি ডিভিলিয়াৰ্ছ {51 (30)} আৰু এৰণ ফিন্স {29 (27)} ৷ আনহাতে যুজৱেন্দ্ৰ চহলে 4 অভাৰত 18 ৰাণ খৰচ কৰি 3টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ আনহাতে শিৱম ডুবে 3 অভাৰত 15 ৰাণ খৰচ কৰি 2টা উইকেট দখল কৰাৰ লগতে নৱদীপ চাইনীয়ে 4 অভাৰত 25 ৰাণ খৰচ কৰি 2টা উইকেট দখল কৰে ৷
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ জনী বেয়াৰেষ্ট’ৱে 43টা বলত সৰ্বাধিক 61 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে বিজয় শংকৰ, অভিষেখ শৰ্মা আৰু টী নটৰাজনে এটাকৈ উইকেট দখল কৰে ৷
দুয়োটা দলে বৰ্তমানলৈকে আইপিএলৰ ইতিহাসত 15 খন মেচত মুখামুখি হৈছে য’ত 8 খন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে আৰু 6 খন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলটোৱে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ বিগত আইপিএলত দুয়োটা দলে দুখনকৈ মেচত মুখামুখি হৈছে য’ত এখন মেচত বেংগালুৰ আৰু এখন মেচত হায়দৰাবাদে জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷