নিউজ ডেস্ক,১ আগষ্ট: তিনিবাৰকৈ ইণ্ডিয়ান প্ৰিমিয়াম লিগত চেম্পিয়ন হোৱা চেন্নাই চুপাৰ লিগে আগষ্ট মাহৰ আৰম্ভণিৰ পৰাই সংযুক্ত আৰৱত ১৩ সংখ্যক টুৰ্ণামেণ্টৰ বাবে শিবিৰ প্ৰস্তুতিৰ লক্ষ্য স্থিৰ কৰিছে । এইবাৰৰ আইপিএল ২৯ মাৰ্চৰ পৰা অনুস্থিত হ'ব লগা আছিল যদিও মহামাৰী ক'ৰণাৰ বাবে টুৰ্ণামেণ্টখন স্থগিত ৰাখিব লগা হৈছিল ।
ধোনীৰ নেতৃত্বত CSLয়ে আগষ্টৰ আৰম্ভনিতে ইউ এ ইত বিচাৰিলে আইপিএলৰ বাবে শিবিৰ অলপতে আইপিএলৰ গভৰ্ণিং কাউঞ্চিলৰ সভাপতি ব্ৰিজেশ পাটেলে নিশ্চিত কৰিছে যে,অহা ১৯ চেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱত এই মেগা ইভেণ্টটো অনুষ্ঠিত হ'ব ।
এটা খেল ভিত্তিক ৱেবচাইটত প্ৰকাশিত এক তথ্য মতে,চেন্নাই চুপাৰ লিগৰ খেলুৱৈ সকলক শীঘ্ৰেই চেন্নাইত ৰিপৰ্ট কৰিবৰ বাবে কোৱা হৈছে । ইয়াৰ পিছতে ভাৰত চৰকাৰৰ অনুমতি পালেই দলটোৱে চাৰ্টাৰ্ড ফ্লাইট যোগে ডুবাই দিশে ৰাওনা হ'ব ।
টুৰ্ণামেণ্টখনৰ সময়সূচী আৰু অন্যান্য ব্যৱস্থা সমূহ নিৰ্ধাৰণ কৰিবৰ বাবে আইপিএলৰ গভৰ্ণিং কাউঞ্চিলে অহা ২ আগষ্টত এখন বৈঠকত মিলিত হ'ব । ইয়াৰ বাহিৰেওঁ টুৰ্ণামেণ্টখনৰ বাবে তিনিটাকৈ স্থান আৰু ৫১ দিনৰ কাৰ্যসূচীৰে আঠটাকৈ দলৰ সুৰক্ষাৰ বাবে Standard Operating Procedure(SOP) আদি বিষয়ৰ ওপৰতো বৈঠক খনত আলোচনা কৰা হ'ব ।
সেয়েহে আইপিএলৰ এটা অতি পুৰণি দল চেন্নাই চুপাৰ লিগে টুৰ্ণামেণ্টখনৰ বাবে এমাহ পূৰ্বৰ পৰাই বিচাৰিছে প্ৰস্তুতি । উল্লেখ্য যে,দেশত মহামাৰী ক'ৰণাৰ সন্ত্ৰাস আৰম্ভ হোৱাৰ পূৰ্বেই দলটোৱে মাৰ্চ মাহৰ মাজৰ সময়চোৱাৰ পৰা প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছিল । ইফালে সুৰেশ ৰাইনা আৰু আম্বতি ৰাযুডুৰ দৰে প্ৰসিদ্ধ খেলুৱৈয়েও ২০১৯ চনৰ ডিচেম্বৰৰ পৰাই তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ কৰি দিছিল ।