স্পৰ্টছ ডেস্ক, 16 অক্টোবৰ :কলকাতা মেনেজমেন্টে দিনেশ কাৰ্তিকৰ পৰিৱৰ্তে ইয়ন মৰ্গানক কলকাতা নাইট ৰাইডাৰ্ছ দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰিছে ৷ উল্লেখ্য যে, বেটিঙত মনোনিৱেশ কৰাৰ লগতে দলৰ জয়ত অৰিহণা যোগোৱাৰ উদ্দেশ্যে অধিনায়কৰ পদৰ পৰা অব্যাহতি ল'ব বিচাৰিছিল কাৰ্তিকে ৷ কাৰ্তিকৰ এই সিদ্ধান্তক সন্মান জনাই মেনেজমেন্টে মৰ্গানক এই নতুন দায়িত্ব প্ৰদান কৰে ৷
কলকাতা দলৰ মুখ্য কাৰ্যবাহী বিষয়া ভেংকী মাইছৰে কয়, "কাৰ্তিকৰ দৰে অধিনায়ক লাভ কৰি আমি অতি সৌভাগ্যশালী, এইগৰাকী খেলুৱৈয়ে সদায়ে দলটোক আগস্থান দি আহিছে ৷ এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বহু সাহসৰ প্ৰয়োজন ৷ তেওঁৰ সিদ্ধান্তত আমি সতচকিত হৈছো যদিও আমি এই সিদ্ধান্তক সন্মান জনাইছো ৷"