স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ :ক্ৰমাগতভাৱে চাৰিখনকৈ মেচত জয় সাব্যস্ত কৰি কে. এল. ৰাহুল নেতৃত্বাধীন কিংছ ইলেভেন পাঞ্জাৱে সকলোকে আচৰিত কৰি তুলিছিল ৷ আইপিএলৰ 46 সংখ্যক মেচত শেহতীয়াকৈ দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা দলটোৱে আজি কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ৷
দুয়োটা দলৰ পূৰ্বৰ মুখামুখিত কলকাতা দলে পাঞ্জাৱ দলক দুই ৰাণত পৰাস্ত কৰিছিল ৷ ইয়ন মৰ্গান নেতৃত্বাধীন দলে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা নাই, আনহাতে পাঞ্জাৱে মেচত জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে ৷
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয়ৰ পাচত নিসন্দেহে পাঞ্জাৱ দলৰ আত্মবিশ্বাস বহু পৰিমাণ বৃদ্ধি পাইছে ৷ পাঞ্জাৱ দলৰ শীৰ্ষ ক্ৰমৰ বেটছমেন ৰাহুল আৰু মায়ংকে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷ আনহাতে, ক্ৰিছ গেইলৰ প্ৰত্যাৱৰ্তন দলটোৰ বাবে ইতিবাচক দিশ ৷ নিকোলাছ পুৰানো শেহতীয়াকৈ ফৰ্মলৈ উভতি আহিছে যদিও গ্লেন মেক্সৱেলৰ দুৰ্বল প্ৰদৰ্শনে পাঞ্জাৱ শিবিৰক কিছু চিন্তিত কৰি ৰাখিছে ৷
তেওঁলোকৰ বলিং বিশেষকৈ অভিজ্ঞতাসম্পন্ন মহম্মদ ছামী আৰু ৰবী বিষ্ণৈৰ ওপৰত নিৰ্ভৰশীল ৷ অৰ্শদ্বীপ সিং আৰু ক্ৰিছ জৰ্ডানে হায়দৰাবাদৰ বিৰুদ্ধে দলক জয় প্ৰদান কৰাত ভূমিকা গ্ৰহণ কৰিছিল ৷
আনহাতে, দিল্লী কেপিটেলছক 59 ৰাণত পৰাস্ত কৰি যোগ্য প্ৰত্যাৱৰ্তন ঘটাইছে কলকাতা দলে ৷ তেওঁলোকৰ শীৰ্ষক্ৰমৰ বেটছমেন শুভমান গিল আৰু নিতীশ ৰানা ফৰ্মত আছে ৷ পূৰ্বৰ মেচত লৱাৰ অৰ্ডাৰত সুনীল নাৰায়নেও 64 ৰাণ সংগ্ৰহ কৰিছিল ৷