স্পৰ্টছ ডেস্ক, 28 ছেপ্তেম্বৰঃ"মই ভাবিছিলো যে খেলখন আমাৰ পকেটত আছে"দেওবাৰে ৰাজস্থান ৰয়েলছৰ বিপৰীতে পৰাজয় বৰণ কৰাৰ পিছতেই কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক কে.এল ৰাহুলে এই মন্তব্য কৰে ৷ যদিও নিজৰ পক্ষত বিশ্বাস ৰাখি তেখেত কয় যে, পৰৱৰ্তী মেচত তেওঁলোকে অধিক শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিব ৷
ৰাজস্থান ৰয়েলছে বৃহৎ 224 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল কিংছ ইলেভেন পাঞ্জাৱক ৷ এইয়া আইপিএলৰ ইতিহাসৰ সৰ্ববৃহৎ ৰাণ ৷ ষ্টীভ স্মিথৰ দলে 4 উইকেটত মেচখনত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, কিংছ ইলেভেনৰ হৈ মায়ংক অগৰৱালাই শতক অৰ্জন কৰাৰ পিছতো দলটোৱে ৰাজস্থান ৰয়েলছৰ বিপৰীতে পৰাজয় বৰণ কৰিবলগীয়া হয় ৷
"চাওক, এইখন T20 ক্ৰিকেট, আমি ইমান বছৰে দেখি আহিছো, আমি বহুত বস্তু ঠিক কৰিছো, আমি মুৰ দাঙি থিয় হ’ব লাগিব আৰু ইয়াতকৈ অধিক শক্তিশালী ৰূপত উভতি আহিব লাগিব ৷ ক্ৰিকেট এক দুৰ্দান্ত খেল আৰু ক্ৰিকেটত এই ধৰণৰ ঘটনাসমূহ ঘটি থাকে ৷ এই ক্ষেত্ৰত আমি তেঁওলোকক(ৰাজস্থান ৰয়েলছ) শ্ৰেয় প্ৰদান কৰিব লাগিব ৷"খেলৰ অন্তত ষ্টাৰ ইণ্ডিয়াক এই কথা ব্যক্ত কৰে কিংছ ইলেভেনৰ অধিনায়ক কে.এল ৰাহুলে ৷