অসম

assam

ETV Bharat / sports

আজি আইপিএলৰ মহাৰণত দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ

আজি আইপিএলৰ ফাইনেল ৷ আইপিএলৰ মহাৰণত দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ ৷

By

Published : Nov 10, 2020, 4:24 PM IST

আইপিএল
দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ

স্পৰ্টছ ডেস্ক, 10 নৱেম্বৰ :পূৰ্বে আইপিএলৰ এটাও ছিজনৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম নোহোৱা দিল্লী কেপিটেলছে (DC) আজি আইপিএলৰ ফাইনেলত মুখামুখি হ'ব চাৰিবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৷ আজিৰ ফাইনেলত ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই দলক ফেভাৰেট হিচাপে গণ্য কৰা হৈছে ৷

আনহাতে, ছিজনৰ আৰম্ভণিতে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা দিল্লী দল শেষৰফালে কিছু দূৰ্বল হৈ পৰিছিল যদিও প্লে' অফত স্থান সুনিশ্চিত কৰাৰ লগতে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ৷

জয়ৰ শতকৰালৈ মন কৰিলে দুয়োটা দল প্ৰায় সম পৰ্যায়ত আছে ৷ কিন্তু দুয়োটা দলৰ মূল প্ৰাৰ্থক্যটো হৈছে ধাৰাবাহিকতা ৷ মুম্বাই দলৰ সফলতাৰ মূল কাৰণেই হৈছে সকলো বিভাগতে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন ৷

মুম্বাই ইণ্ডিয়ানছ

মুম্বাইৰ বেটছমেন কুইন্টন ডি কক (483 ৰাণ), ইশান কিষান (483 ৰাণ) আৰু সূৰ্যকুমাৰ যাদৱে (461 ৰাণ) টপ অৰ্ডাৰত দূৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰখাৰ লগতে মধ্যক্ৰমত আছে হাৰ্ডিক পাণ্ডিয়া (278 ৰাণ) আৰু কেইৰন পোলাৰ্ডৰ (259 ৰাণ) দৰে পাৱাৰ হিটাৰ ৷

আঘাতৰ সমস্যাৰ বাবে অধিনায়ক ৰোহিত শৰ্মাৰ (264 ৰাণ) প্ৰদৰ্শন বিশেষ গুৰুত্বপূৰ্ণ নহয় যদিও দলক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছে তেওঁ ৷ আজিৰ মেচত ভাল প্ৰদৰ্শনৰ জৰিয়তে অষ্ট্ৰেলিয়া দললৈ স্থান সুনিশ্চিত কৰাৰ সুবিধা আছে ৰোহিত শৰ্মাৰ ৷

ভাৰতীয় টেষ্ট স্কোৱাডত ৰোহিতক অন্তৰ্ভূক্ত কৰা হৈছে সোমবাৰে ভাৰতীয় ক্ৰিকেট বৰ্ডে ঘোষণা কৰিছিল ৷

মুম্বাইৰ বলিঙত আছে বেগী বলাৰ জছপ্ৰীত বুমৰাহ আৰু ট্ৰেন্ট বল্ট ৷ দুয়োজন বলাৰে বৰ্তমানলৈকে সংগ্ৰহ কৰিছে 49 টাকৈ উইকেট ৷ ইয়াৰ পৰা দলটোৰ বেটিং আক্ৰমণ সম্পৰ্কত অনুমান লগাব পাৰি ৷ এই দুই বলাৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে পেচাৰ জেমছ পেটিনছন (11 উইকেট) আৰু লেগ স্পীনাৰ ৰাহুল চাহাৰে (15 উইকেট) ৷

আনহাতে, দিল্লী দলত আছে ভয়ংকৰ বেগী বলাৰ কাগিছো ৰাবাডা (29 উইকেট) আৰু এনৰিক নৰ্টজে (29 উইকেট) ৷

দুয়োগৰাকী দক্ষিণ আফ্ৰিকান বলাৰে প্ৰায় প্ৰতিখন মেচতে ভাল প্ৰদৰ্শন আগবঢ়াইছে ৷ মুম্বাইৰ শক্তিশালী বেটিং লাইনআপৰ বিৰুদ্ধে এই দুইগৰাকী বলাৰৰ লগতে থাকিব অভিজ্ঞ অফ স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিন (13 উইকেট), পেচাৰ মাৰ্কাছ ষ্টইনিছ (12 উইকেট) আৰু বাঁওহতীয়া অফ স্পীনাৰ অক্সৰ পেটেল (9 উইকেট) ৷

অষ্ট্ৰেলিয়ান অল ৰাউণ্ডাৰ ষ্টইনিছে বেটে-বলে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াইছে ৷ বিশেষকৈ দ্বিতীয় কোৱালিফায়াৰত হায়দৰাবাদৰ বিৰুদ্ধে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল দিল্লীয়ে ৷

দিল্লী কেপিটেলছ

দিল্লীৰ বেটিং লাইন আপত আছে পাৱাৰ হিটাৰ শিখৰ ধাৱান (603 ৰাণ) ৷ মুম্বাইৰ বলিঙৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা আছে ধাৱানে ৷ তেওঁক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব অধিনায়ক শ্ৰেয়াস আয়াৰে (454 ৰাণ) ৷

ফৰ্মত থকা ষ্টইনিছে পুনৰবাৰ ধাৱানৰ সৈতে অপেনিং কৰিব ৷ দিল্লীৰ বাবে চিন্তাৰ কাৰণ হৈছে ফৰ্মত নথকা ঋষভ পন্ত (287 ৰাণ) আৰু ছিমৰন হেথমেয়াৰ (180 ৰাণ) ৷ দুয়োগৰাকীয়ে দলৰ প্ৰয়োজনৰ সময়ত ভাল প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ হৈছে ৷

আনহাতে, দুয়ো দলৰ পূৰ্বৰ মুখামুখিলৈ মন কৰিলে দিল্লীতকৈ উৰ্ধত আছে মুম্বাই ৷ আইপিএলৰ পূৰ্বৰ মুখামুখিত তিনিখন মেচতে জয় লাভ কৰিছে মুম্বাইয়ে ৷

স্কোৱাড :

মুম্বাই ইণ্ডিয়ানছ :ৰোহিত শৰ্মা, আদিত্য তাৰে, অনমোলপ্ৰীত সিং, অনুকূল ৰয়স ক্ৰিছ লিন, ধৱল কূলকাৰ্ণী, দ্বিগ্বিজয় দেশমুখ, হাৰ্ডিক পাণ্ডিয়া, ইশান কিষান, জেমছ পেটিনছন, জছপ্ৰীত বুমৰাহ, জয়ন্ত যাদৱ, কেইৰন পোলাৰ্ড, ক্ৰুনাল পাণ্ডিয়া. মিটছেল মেকক্লেনাঘান, মহছিন খান, নাথান কল্টাৰ নাইল, প্ৰিন্স বলৱন্ত ৰায়, কুইন্টন ডি কক, ৰাহুল চাহাৰ, সৌৰভ তিৱাৰী, শ্বেৰফানে ৰাডাৰফৰ্ড, সূৰ্যকুমাৰ যাদৱ, ট্ৰেন্ট বল্ট ৷

দিল্লী কেপিটেলছ : শ্ৰেয়াস আয়াৰ, কাগিছো ৰাবাডা, মাৰ্কাছ ষ্টইনিছ, সন্দীপ লেমিছানে, আজিংকা ৰাহানে, ৰবিচন্দ্ৰন অশ্বিন, শিখৰ ধাৱান, শিমৰন হেথমেয়াৰ, এলেক্স কেৰী, মোহিত শৰ্মা, পৃথ্বী শ্ব', ললিত যাদৱ, অভেশ খান, অক্সৰ পেটেল, তুষাৰ দেশপাণ্ডে, ঋষভ পন্ত, হৰ্ষল পেটেল, কিমো পল, এনৰিক নৰ্টজে, ডেনিয়েল চেমছ ৷

লগতে পঢ়ক :মহিলাৰ টি 20 চেলেঞ্জ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাৰ চেম্পিয়ন ট্ৰাইলব্লাজাছ

ABOUT THE AUTHOR

...view details