অসম

assam

ETV Bharat / sports

চলিত আইপিএলত অসফল বেন ষ্টোকছ, মেক্সৱেল - বেটিঙত সংগ্ৰাম অব্যাহত ৰাখিছে বিস্ফোৰক বেটছমেন বেন ষ্টোকছে

আইপিএলৰ চলিত বৰ্ষত বেটিঙত সংগ্ৰাম অব্যাহত ৰাখিছে বিস্ফোৰক বেটছমেন বেন ষ্টোকছে ৷ বৰ্তমানলৈকে এটাও ছয় কোবাবলৈ সক্ষম হোৱা নাই ইংলেণ্ডৰ অল ৰাউণ্ডাৰগৰাকীয়ে ৷

IPL 2020
বেন ষ্টোকছ

By

Published : Oct 23, 2020, 1:35 PM IST

স্পৰ্টছ ডেস্ক, 23 অক্টোবৰ : আইপিএলৰ চলিত বৰ্ষত বেটিঙত সংগ্ৰাম অব্যাহত ৰাখিছে বিস্ফোৰক বেটছমেন বেন ষ্টোকছে ৷ বৰ্তমানলৈকে এটাও ছয় কোবাবলৈ সক্ষম হোৱা নাই ইংলেণ্ডৰ অল ৰাউণ্ডাৰগৰাকীয়ে ৷ পূৰ্বৰ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধেও অসফল হৈছিল ষ্টোকছ ৷

বিস্ফোৰক বেটিঙৰ বাবে জনাজাত বেন ষ্টোকছে বৰ্তমানলৈকে অংশ লোৱা 5 খন মেচত সন্মুখীন হৈছে 103 টা বলৰ ৷ 110 ৰাণ সংগ্ৰহ কৰা বেটছমেনগৰাকীয়ে কিন্তু এতিয়ালৈকে এটাও ছয় কোবাবলৈ সক্ষম হোৱা নাই ৷ আনহাতে, তেওঁ সংগ্ৰহ কৰিছে 14 টাকৈ চাৰি ৷

ৰোগীয়া পিতৃৰ সৈতে নিউজিলেণ্ডত সময় অতিবাহিত কৰা বাবে পলমকৈ আইপিএলত অংশগ্ৰহণ কৰা বেন ষ্টোকছে বৃহস্পতিবাৰৰ মেচত বহুকেইটা বিশাল শ্বট কোবাবলৈ চেষ্টা কৰিছিল যদিও অসফল হৈছিল ৷

বেন ষ্টোকছ

আনহাতে, যোৱা বছৰৰ আইপিএলতো তেওঁ ন খন মেচত কেৱল চাৰিটা ছয় কোবাবলৈ সক্ষম হৈছিল ৷ বেন ষ্টোকছৰ দৰে গ্লেন মেক্সৱেলেও চলিত ছিজনত নিজ দলক নিৰাশ কৰিছে ৷ কিংছ ইলেভেন পাঞ্জাৱৰ ক্ৰিকেটাৰগৰাকীয়ে মুখামুখি হোৱা 87 টা বলত এটাও ছয় কোবাবলৈ সক্ষম হোৱা নাই ৷ আঠটা চাৰিৰে মেক্সৱেলে কেৱল 90 ৰাণ সংগ্ৰহ কৰিছে ৷

মেক্সৱেল

লগতে পঢ়ক :আইপিএল 2020 : মুম্বাইৰ বিৰুদ্ধে মৰণপণ যুঁজত চেন্নাই

ABOUT THE AUTHOR

...view details