নিউজ ডেস্ক, 13 অক্টোবৰ : সোমবাৰে ৰয়েল চেলেঞ্জাৰ বাংগালোৰ(RCB)ৰ এ বি ডি ভিলিয়াৰ্ছ আৰু বিৰাট কোহলীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ত প্ৰথম যুটি হিচাপে পৰিণত হৈছে । দুয়োগৰাকী বেটছমেনে শ্বাৰজাহ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে 47 টা বলত 100 ৰান কৰিবলৈ সক্ষম হৈছে ৷
বিৰাট কোহলী আৰু এ বি ডি ভিলিয়াৰ্ছ দুয়োজনেই যুতি হিচাপে আৰম্ভণিৰ পৰাই 3,000 ৰান কৰি ইতিহাস গঢ়িবলৈ সক্ষম হৈছে ৷ তেওঁলোক ক্ৰিছ গেল-কোহলী যুতিতকৈ ভালদৰে খেল খেলি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ৷ যি এছ আৰ এইচৰ বাবে 2,357 ৰান আৰু চি.আৰ.ধাৱান-ৱাৰ্নাৰৰ বাবে 2,782 ৰান সংগ্ৰহ কৰিছিল ।