স্পৰ্টছ ডেস্ক, 10 অক্টোবৰ : আইপিএলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 45 ৰাণৰ জয় সাব্যস্ত কৰি দিল্লী কেপিটেলছৰ বেটছমেন ছিমৰন হেথমেয়াৰে কয় যে, মধ্যক্ৰমত এক দীঘলীয়া ইনিংছ খেলাৰ বাবে তেওঁ সন্তুষ্ট ৷
উল্লেখ্য যে, দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে 46 ৰাণত পৰাজয় বৰণ কৰিবলৈ সক্ষম হৈছিল ৷ দিল্লী কেপিটেলছে সংগ্ৰহ কৰা 185 ৰাণৰ পৰিৱৰ্তে স্মিথ বাহিনীয়ে কেৱল 138 ৰাণহে সংগ্ৰহ কৰে ৷
প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে 8 উইকেট হেৰুৱাই 184 ৰাণ সংগ্ৰহ কৰে ৷ দলটোৰ হৈ সৰ্বাধিক 45 আৰু 39 ৰাণ সংগ্ৰহ কৰে ক্ৰমে ছিমৰন হেথমেয়াৰ আৰু মাৰ্কাছ ষ্টইনিছে ৷