স্পৰ্টছ ডেস্ক, 28 ফেব্ৰুৱাৰীঃ ধোনীক লৈ শেহতীয়াকৈ মন্তব্য কৰিলে ভাৰতৰ প্ৰাক্তন অধিনায়ক কপিল দেৱে ৷ কপিল দেৱে কয়, যদিহে ধোনীয়ে আগন্তুক টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰিছে, তেন্তে কেৱল আইপিএলয়ে নহয় অন্যান্য আন্তঃৰাষ্ট্ৰীয় মেচো খেলা নিতান্তই প্ৰয়োজন ৷ লগতে প্ৰাক্তন খেলুৱৈগৰাকীয়ে কয়, প্ৰত্যেক জন খেলুৱৈৰ বাবে বেলেগ-বেলগে নীতি-নিয়ম হ’ব নালাগে ৷ সকলো খেলুৱৈৰ বাবে মানদণ্ড একেই হোৱা উচিত ৷
ধোনীৰ প্ৰসংগত কপিল দেৱৰ মন্তব্য, মেচ খেলা অতন্তই প্ৰয়োজন - IPL
টি-20 বিশ্বকাপত ধোনীৰ খেলা-নেখেলাক লৈ ভাৰতৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ প্ৰতিক্ৰিয়া ৷ সকলো খেলুৱৈৰ বাবে মানদণ্ড একেই হোৱা উচিত বুলি মন্তব্য প্ৰাক্তন খেলুৱৈগৰাকীৰ ৷

ধোনীৰ প্ৰসংগত কপিল দেৱৰ মন্তব্য, মেচ খেলা অতন্তই প্ৰয়োজন
ইয়াৰ ওপৰি ভাৰতীয় দলত নিয়মিত অংশগ্ৰহণ কৰা খেলুৱৈসকলে যদিহে অত্যাধিক ক্ৰিকেটৰ বোজা অনুভৱ কৰিছে তেন্তে আইপিএল প্ৰত্যাহাৰ কৰিব পাৰে বুলি উল্লেখ কৰে কপিল দেৱে ৷ কাৰণ আইপিএলত দেশক প্ৰতিনিধিত্ব কৰা নহয় গতিকে যেতিয়া দেশৰ বাবে খেলা হয় তেতিয়া নিজৰ সৰ্বশ্ৰেষ্ঠ দিয়াৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে ৷
আইপিএলত অংশগ্ৰহণৰ বাবে ধোনীয়ে অহা দুই মাৰ্চৰ পৰা অনুশীলনত অৱতীৰ্ণ হ’ব ৷ ইয়াৰ পূৰ্বে ধোনীয়ে অন্তিমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৱতীৰ্ণ হৈছিল বিশ্বকাপ ছেমিফাইনেলত ৷
Last Updated : Sep 25, 2020, 6:00 PM IST