অসম

assam

ETV Bharat / sports

IPLৰ ইতিহাসত দ্ৰুত বলাৰৰ খিতাপ দখল আনৰিছ নৰ্টজেৰ - আই পি এল

দিল্লী কেপিটেলছে বান্ধি দিয়া ১৬২ ৰান কৰিবলৈ ব্যৰ্থ হৈ ১৪৮ ৰাণতে 8 উইকেট হেৰুৱাই পৰাজিত হয় ৰাজস্থান ৰয়েলচ । দিল্লী কেপিটেলচৰ বাবে তুষাৰ দেশপাণ্ডে আৰু আনৰিখ নৰ্টজে লাভ কৰিছিল দুটাকৈ উইকেট ।

Anrich Nortje opens up after bowling fastest bowl in IPL history
IPLৰ ইতিহাসত দ্ৰুত বলাৰৰ খিতাপ দখল আনৰিছ নৰ্টজেৰ

By

Published : Oct 15, 2020, 3:53 PM IST

নিউজ ডেস্ক, 15 অক্টোবৰ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই.পি.এল)ৰ ইতিহাসত দ্ৰুততম বলিং কৰাৰ পিছত দিল্লী কেপিটেলছৰ দ্ৰুত বলাৰ আনৰিছ নৰ্টজে কয় যে, তেওঁ এতিয়া দুবছৰ ধৰি গতি বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে

IPLৰ ইতিহাসত দ্ৰুত বলাৰৰ খিতাপ দখল আনৰিছ নৰ্টজেৰ

তেওঁৰ উক্ত মন্তব্যটো আহিছিল যেতিয়া দিল্লী কেপিটেলছে বুধবাৰে ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ৰাজস্থান ৰয়েচলক ১৩ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছিল। মেচখন চলি থকা সময়ত নৰ্টজে 156.22 কিলোমিটাৰ ঘণ্টাৰ গতিৰে বলিং কৰে আৰু ইয়াৰ ফলত তেওঁ আই.পি.এলৰ ইতিহাসত দ্ৰুততম বলাৰ হিচাপে নাম অন্তৰ্ভুক্ত হয় ।

IPLৰ ইতিহাসত দ্ৰুত বলাৰৰ খিতাপ দখল আনৰিছ নৰ্টজেৰ

আনৰিছ নৰ্টজে কয় যে, "হয়, বাটলৰৰ বিৰুদ্ধে যুদ্ধ আকৰ্ষণীয় আছিল, মই জানো তেওঁ স্কুপ শ্বট খেলে ৷ কিন্তু যেতিয়া তেওঁ প্ৰথমটো বল খেলিছিল, ই মোক আচৰিত কৰি তুলিছিল। মই ভাবিছিলো যে তেওঁ পুনৰ কৰিব নোৱাৰিব; কিন্তু তেওঁ পৰবৰ্তী ডেলিভাৰীত পুনৰ বাৰ শ্বটটো খেলিছিল। তেওঁ সঁচাকৈয়ে ভাল খেলিছিল ৷ "

IPLৰ ইতিহাসত দ্ৰুত বলাৰৰ খিতাপ দখল আনৰিছ নৰ্টজেৰ

উল্লেখ্য যে, দিল্লী কেপিটেলছে বান্ধি দিয়া ১৬২ ৰান কৰিবলৈ ব্যৰ্থ হৈ ১৪৮ ৰাণতে 8 উইকেট হেৰুৱাই পৰাজিত হয় ৰাজস্থান ৰয়েলচ । দিল্লী কেপিটেলচৰ বাবে তুষাৰ দেশপাণ্ডে আৰু আনৰিছ নৰ্টজে দুটা উইকেট লাভ কৰিছিল । এই জয়ৰ সৈতে শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত দিল্লী কেপিটেলছ পইণ্ট তালিকাৰ শীৰ্ষলৈ গৈছিল

লগতে পঢ়ক : JEE পৰীহ্মাৰ্থী সকলৰ বাবে সুখবৰ

ABOUT THE AUTHOR

...view details