নিউজ ডেস্ক, ৮ মে': চেন্নাই ছুপাৰ কিংছ দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে মঙলবাৰে মুম্বাই দলৰ বিৰুদ্ধে পৰাজয়ৰ পাছত বেটছমেন সকলৰ ওপৰত জাঙুৰ খাই পৰিছে। মুম্বাইৰ বিৰুদ্ধে ৬ উইকেটত পৰাজয়ৰ পাছত ধোনীয়ে ভুল শ্বট নিৰ্বাচন সম্পৰ্কেও মন্তব্য কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে,চেন্নাই দলে মেচখনত ৪ উইকেট হেৰুৱাই কেৱল ১৩১ ৰাণহে কৰিবলৈ সক্ষম হয়। এই কম ৰাণৰ লক্ষ্য মুম্বাই দলে ১৮.৩ অ'ভাৰতে সংগ্ৰহ কৰি লয়।
পৰাজয়ৰ পাছত ভুল শ্বট নিৰ্বাচন সম্পৰ্কে ধোনীৰ মন্তব্য
মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৬ উইকেটত পৰাজয়বৰণ কৰাৰ পাছত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ধোনীয়ে ভুল শ্বট নিৰ্বাচন সম্পৰ্কে মন্তব্য কৰে । ঘৰুৱা ফিল্ডত ৬-৭ খন মেচত অংশগ্ৰহণ কৰা পাছতো বেটিঙত অনুন্নত প্ৰদৰ্শনৰ বাবে বেটছমেন সকলক দোষাৰোপ কৰে।
মহেন্দ্ৰ সিং ধোনী
ধোনীয়ে কৰা মন্তব্য অনুসৰি ঘৰুৱা পৰিৱেশত তেওঁলোকে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰিব লাগিছিল। ঘৰুৱা পৰিৱেশত ৬-৭ খন মেচত অংশগ্ৰহণ কৰা পাছত পিটছ সম্পৰ্কে সঠিক জ্ঞান লাভ কৰিব পাৰিব লাগিছিল। বেটিঙত অনুন্নত প্ৰদৰ্শনৰ বাবেই পৰাজয়বৰণ কৰা বুলি খেলুৱৈগৰাকীয়ে মন্তব্য কৰে। উল্লেখ্য যে, বুধবাৰে ছানৰাইজাৰ্ছ হাইদৰাবাদ আৰু দিল্লী কেপিটেলছৰ মাজত আন এখন মেচ অনুষ্ঠিত হ'ব আৰু এই মেচত জয়ী দলে শুকুৰবাৰে চেন্নাই দলৰ বিৰুদ্ধে বিশাখাপট্টনমত খেলিব।