অসম

assam

By

Published : May 4, 2019, 9:30 AM IST

ETV Bharat / sports

খেলৰ পূৰ্বানুমান কৰিব বিচৰা নাছিলোঃ সন্দীপ ৱাৰিয়াৰ

কিংছ ইলেভেন পঞ্জাৱ দলৰ বিৰুদ্ধে ৭ উইকেটত জয় লাভ কৰি কলকাতা নাইট ৰাইডাৰ্ছ দলৰ বলাৰ সন্দীপ ৱাৰিয়াৰে সংবাদমেলত জনায় যে, তেওঁ প্ৰতিপক্ষৰ দলক লৈ খেলৰ পূৰ্বানুমান কৰিব বিচৰা নাছিল ।

খেলৰ পূৰ্বানুমান কৰিব বিচৰা নাছিলো : সন্দীপ ৱাৰিয়াৰ

নিউজ ডেস্ক, ৪ মেঃ কলকাতা নাইট ৰাইডাৰ্ছ দলে শুকুৰবাৰৰ মেচত কিংছ ইলেভেন পঞ্জাৱ দলক ৭ উইকেটত পৰাস্ত কৰে । পঞ্জাৱৰ মোহালিত অনুষ্ঠিত হোৱা আই পি এলৰ মেচখনৰ পাছতে কলকাতা দলৰ বলাৰ সন্দীপ ৱাৰিয়াৰে এক সংবাদমেলত অংশগ্ৰহণ কৰে । এই সংবাদমেলতে তেওঁ মন্তব্য কৰে যে, তেওঁ প্ৰতিপক্ষৰ দলক লৈ খেলৰ পূৰ্বানুমান কৰিব বিচৰা নাছিল। তেওঁ নিজৰ সক্ষমতাৰ কথা উল্লেখ কৰি জনাই যে, যিহেতু বল ছুইং কৰাটোৱে তেওঁৰ শক্তি সেয়েহে নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব বিচাৰিছিল ।

খেলৰ পূৰ্বানুমান কৰিব বিচৰা নাছিলো : সন্দীপ ৱাৰিয়াৰ

কলকাতা দলৰ অধিনায়ক দীনেশ কাৰ্তিকৰ কথা উল্লেখ কৰি কয় যে, তেওঁ যিকোনো প্ৰকাৰে দলৰ জয়ৰ বাবে খেলুৱৈসকলক যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছিল।

ABOUT THE AUTHOR

...view details