অসম

assam

By

Published : Mar 29, 2019, 7:09 PM IST

ETV Bharat / sports

আই পি এলত সম্পূৰ্ণ বিৰাটৰ 5000 ৰান

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে বৃহস্পতিবাৰে এক নতুন কৃতিত্ব গঢ়িলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলিয়ে ৷ আই পি এলত 5000 ৰান সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী খেলুৱৈ হ’ল বিৰাট ৷

আই পি এলত সম্পূৰ্ণ বিৰাটৰ 5000 ৰান

স্পৰ্টছ ডেস্ক, 29 মাৰ্চঃ আই পি এলত সম্পূৰ্ণ হ’ল বিৰাট কোহলিৰ 5000 ৰান ৷ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে শ্বাসৰুদ্ধকাৰী মেচখনত 7 ৰানত পৰাজয়ৰ সন্মুখীন হ’লেও বিৰাটে সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় আই পি এলত 5000 ৰান ৷ বিৰাটে 165 খন মেচৰ 157 টা ইনিংছতঅৰ্জন কৰে এই কৃতিত্ব৷ এই অভিলেখেৰে আই পি এলত 5000 ৰান সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী খেলুৱৈ হ’ল বিৰাট ৷ ইয়াৰ পূৰ্বে এই আই পি এলৰ এই ছীজনতেই চেন্নাই চুপাৰ কিংছৰ খেলুৱৈ সুৰেশ ৰাইনাই সম্পূৰ্ণ কৰিছিল 5000 ৰান ৷ ৰাইনাই 177 খন মেচৰ 173 টা ইনিংছত 5000 ৰান সম্পূৰ্ণ কৰি গঢ়িছিল অভিলেখ ৷

আনহাতে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এই মেচখনতেই আই পি এলত 4000 ৰান সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ এবি ডিভিলিয়াৰ্ছে ৷ 143 খন মেচত 4000 ৰান সম্পূৰ্ণ কৰিছে এবি ডিভিলিয়াৰ্ছে ৷

ABOUT THE AUTHOR

...view details