অসম

assam

ETV Bharat / sports

হেট-ট্ৰিক অৰ্জনকাৰী কনিষ্ঠতম খেলুৱৈ হিচাপে পৰিগনিত ছেম কাৰেণ

আইপিএল ইতিহাসৰ কনিষ্ঠতম হেট-ট্ৰিক অৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ইংলেণ্ডৰ অলৰাউণ্ডাৰ ছেম কাৰেণ ৷ দিল্লী কেপিটেলছৰ হাৰ্শ্বেল পটেল, কাগিছো ৰাবাডা, সন্দীপ ৰামিছানেৰ উইকেট দখলেৰে এই অভিলেখৰ গৰাকী হয় ছেম কাৰেণ

SAM CURRAN

By

Published : Apr 2, 2019, 7:21 PM IST

নিউজ ডেস্ক, 2 এপ্ৰিলঃআইপিএল ইতিহাসৰ কনিষ্ঠতম হেট-ট্ৰিক অৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ইংলেণ্ডৰ অলৰাউণ্ডাৰ ছেম কাৰেণ ৷ পাঞ্জাৱ একাদশে 7.20 কোটি টকা ব্যয়েৰে ক্ৰয় কৰা 20 বছৰীয়া খেলুৱৈ গৰাকীয়ে সোমবাৰে দিল্লী কেপিটেলছৰহাৰ্শ্বেল পটেল, কাগিছো ৰাবাডা, সন্দীপ ৰামিছানেক আউট কৰি হেট-ট্ৰিক দখল কৰে ৷

উল্লেখ্য যে,যোৱাবছৰৰ আইপিএলত কোনো এজন বলাৰেই হেট-ট্ৰিক দখলত ব্যৰ্থ হৈছিল ৷ আইপিএলৰ ইতিহাসত হেট-ট্ৰিক দখল কৰা জ্যেষ্ঠ বলাৰ হিচাপে পূৰ্বে অভিলেখ গঢ়ি থৈছে 40 বৰ্ষীয় প্ৰবীন টাম্বেই ৷ ছেম কাৰেণৰ হেট-ট্ৰিকটো আইপিএল ইতিহাসৰ 18 সংখ্যক হেট-ট্ৰিক হিচাপে পৰিগণিত হৈছে ৷

ABOUT THE AUTHOR

...view details