অসম

assam

By

Published : Mar 31, 2019, 4:06 PM IST

ETV Bharat / sports

আই পি এলত 12 লাখ টকাৰ জৰিমনা ৰোহিতক

12 লাখ টকাৰ জৰিমনা বিহা হ’ল মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাক ৷ পাঞ্জাৱ কিংছ ইলেভেনৰ বিৰুদ্ধে লেহেমীয়া অভাৰ-ৰেটত বলিং কৰাৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাক বিহা হয় এই জৰিমনা ৷

আই পি এলত 12 লাখ টকাৰ জৰিমনা ৰোহিতক

স্পৰ্টছ ডেস্ক, 31 মাৰ্চঃ পাঞ্জাৱ কিংছ ইলেভেনৰ বিৰুদ্ধে আই পি এলত শনিবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন মেচৰ দ্বিতীয় ইনিংছত লেহেমীয়া অভাৰ-ৰেটত বলিং কৰাৰ বাবে জৰিমনা বিহা হয় মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাক ৷ আই পি এলৰ আচৰণ বিধি নিয়মৰ অধীনত 12 লাখ টকা জৰিমনা বিহা হয় মুম্বাই দলটোৰ অধিনায়ক ৰোহিতৰ ওপৰত ৷

উল্লেখ্য যে, মেচখনত 8 উইকেটত জয় লাভ কৰিবলৈ সক্ষম হয় পাঞ্জাৱ দলটোৱে ৷ মুম্বাইয়ে প্ৰথমে বেটিং কৰি 7 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 176 ৰান ৷ ইয়াৰ প্ৰত্যুত্তৰত কিংছ ইলেভেনৰ কে.এল ৰাহুলে 57 বলত বিস্ফোৰক অপৰাজিত 71 ৰান কৰি 8 উইকেটৰ বিনিময়ত দলটোক জয়ৰ সোৱাদ দিবলৈ সক্ষম হয় ৷ এইখন মেচতেই পাঞ্জাৱ দলৰ অপেনাৰ ক্ৰীছ গেইলে 300 টা ছিক্সৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷

ABOUT THE AUTHOR

...view details