অৰ্ধশতকেৰে আই পি এলত অভিলেখ ৰিয়ান পৰাগৰ - RR
দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি আই পি এলত অৰ্ধশতক অৰ্জন কৰা যুৱ খেলুৱৈৰ কৃতিত্ব লাভ ৰিয়ানৰ ।
![অৰ্ধশতকেৰে আই পি এলত অভিলেখ ৰিয়ান পৰাগৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3190077-332-3190077-1556976854805.jpg)
স্পৰ্টছ ডেস্ক, ৪ মে': আই পি এলৰ কেৰিয়াৰৰ প্ৰথমটো অৰ্ধশতক অসম সন্তান ৰিয়ান পৰাগৰ । শনিবাৰে আই পি এলৰ দ্বাদশ সংস্কৰণত ৫৩ সংখ্যক মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি আই পি এলত অৰ্ধশতক অৰ্জন কৰা যুৱখেলুৱৈৰ কৃতিত্ব লাভ কৰিলে ৰাজস্থান ৰয়েলছ দলৰ খেলুৱৈ ৰিয়ান পৰাগে । ১৭ বছৰ ১৭৫ দিনত অৰ্ধশতক অৰ্জন কৰি এই কৃতিত্বৰ অধিকাৰী হৈ যুৱ প্ৰতিভাৱান খেলুৱৈগৰাকী । ইয়াৰ পূৰ্বে সঞ্জু ছেমছনৰ নামত আছিল এই অভিলেখ । ১৮ বছৰ ১৬৯ দিনত অৰ্ধশতক অৰ্জন কৰিছিল সঞ্জুৱে । মেচখনত ৰিয়ানে ৪৭ টা বলত নিজৰ অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।