নিউজ ডেস্ক, ১৩ এপ্ৰিল: মুম্বাই আৰক্ষী বিভাগে শনিবাৰে জানিবলৈ দিয়া অনুসৰি দক্ষিণ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ সুৰক্ষাক লৈ কোনো ধৰণৰ ভয় কৰিবলগীয়া নাই । মুম্বাই আৰক্ষী উপায়ুক্ত মঞ্জুনাথ সিংগেই জনাই যে, আৰক্ষী বিভাগে মুম্বাই মহানগৰীৰ সুৰক্ষাৰ বাবে সদায় যৎপৰোনাস্তি চেষ্টা চলাই আহিছে । সেয়েহে সকলোকে এনেধৰণৰ উৰাবাতৰিত বিশ্বাস নকৰিবলৈও আহ্বান জনাইছে আৰক্ষী বিষয়াজনে ।
পানী নসৰা নিৰাপত্তা ৱাংখেড়ে ষ্টেডিয়ামত - ETV BHARAT
মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ সুৰক্ষাক লৈ যি প্ৰশ্ন উত্থাপন হৈছিল সেই সম্পৰ্কে মুম্বাই আৰক্ষী উপায়ুক্ত মঞ্জুনাথ সিংগেই জনাই যে, আৰক্ষী বিভাগে মুম্বাই মহানগৰীৰ সুৰক্ষাৰ বাবে সদায় যৎপৰোনাস্তি চেষ্টা চলাই আহিছে । সেয়েহে ভয়ৰ কোনো কাৰণ নাই বুলি তেওঁ দাবী কৰে ।

WANKHEDE STADIUM
উল্লেখ্য যে, শুকুৰবাৰে ৱাংখেড়ে ষ্টেডিয়ামৰ সুৰক্ষাক লৈ এক উৰাবাতৰি প্ৰচাৰ হৈছিল । শনিবাৰে অনুষ্ঠিত মুম্বাই ইণ্ডিয়ানছ্ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ মেচখনৰ পূৰ্বে এই উৰাবাতৰি প্ৰচাৰ হোৱাৰ পাছতে খেলুৱৈসকলৰ সুৰক্ষাক লৈ প্ৰশ্নৰ উত্থাপন হৈছিল ।