স্পৰ্টছ ডেস্ক, ৫ মে':আই পি এলৰ দ্বাদশ সংস্কৰণৰ ৫৬ সংখ্যক মেচত দেওবাৰে মুখামুখি হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছ । প্লে অফত স্থান লাভ কৰাৰ উদ্দেশ্যেৰে এই মেচখন আছিল কলকাতাৰ দৃষ্টি ভংগীৰে অধিক গুৰুত্বপূৰ্ণ । টছত জয়ী হৈ মুম্বাইয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মেচখনত । প্ৰথমে বেটিং কৰিবলৈ আহি কলকাতাই নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত হেৰুৱাই সংগ্ৰহ কৰিছেল কেৱল ১৩৩ ৰান । কলকাতাৰ হৈ সৰ্বাধিক ক্ৰীছ লিনে ৪১ আৰু ৰবিন উত্থাপাই ৪০ ৰান কৰিবলৈ সক্ষম হৈছিল ।
আই পি এলৰ প্লে অফৰ পৰা বাহিৰ কলকাতা নাইট ৰাইডাৰ্ছ
মুম্বাইৰ বিৰুদ্ধে পৰাস্ত হৈ আই পি এলৰ প্লে অফৰ পৰা বাহিৰ কলকাতা নাইট ৰাইডাৰ্ছ । ইপিনে কলকাতাৰ পৰাজয়ৰ লগে লগে প্লে অফত স্থান সুনিশ্চিত হ'ল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ।
আই পি এলৰ প্লে অফৰ পৰা বাহিৰ কলকাতা নাইট ৰাইডাৰ্ছ
১৩৪ ৰান লক্ষ্য অতিক্ৰম কৰিবলৈ আহি মুম্বাইয়ে ১৬.১ অভাৰত ১ উইকেট হেৰুৱাই মেচখনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । মুম্বাইৰ হৈ ৰোহিত শৰ্মাই অপৰাজিত ৫৫ ৰান আৰু সূৰ্যকুমাৰ যাদৱে অপৰাজিত ৪৬ ৰান কৰিবলৈ সক্ষম হয় । ইপিনে কুইণ্টন ডি-ককে ৩০ ৰানৰ বৰঙণি দিয়ে ।
প্লে অফত স্থান লাভ কৰা দল কেইটা হৈছে- চেন্নাই চুপাৰ কিংছ, দিল্লী কেপিটেলছ, মুম্বাই ইণ্ডিয়ানছ,ছানৰাইজাৰ্ছ হায়দৰাবাদ ।