স্পৰ্টছ ডেস্ক, 25 মাৰ্চঃসোমবাৰে আই পি এলৰ দ্বাদশ সংস্কৰণৰ নিজৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ আৰু কিংছইলেভেন পাঞ্জাৱ ৷ আজ্যিংকা ৰাহানেৰ নেতৃত্বত নতুন ৰূপত দেখা পোৱা যাব ৰাজস্থান দলটোক ৷ পূৰ্বৰ নীলা ৰঙৰ জাৰ্ছীৰ সলনি এইবাৰ দলটোক দেখা যাব গুলপীয়া ৰঙত ৷ আনহাতে এই মেচখনত মুখ্য কেন্দ্ৰ বিন্দু হ’ব অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথৰ প্ৰদৰ্শন ৷ কাৰণ বল টেম্পাৰিং বিবাদত আন্তঃৰাষ্টীয় ক্ৰিকেটৰ পৰা 1 বছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হৈ আছে খেলুৱৈগৰাকী ৷ এই নিষেধাজ্ঞাৰ অন্ত পৰিব অহা 29 মাৰ্চত ৷ অৱশ্য়ে আই পি এল খেলাৰ অনুমতি থাকিলেও আঘাতৰ বাবে সোমবাৰৰ মেচখনত স্মিথৰ খেলা-নেখেলাক লৈ এতিয়াও অনিশ্চিয়তা অব্যাহত আছে ৷ ইপিনে ইংলেণ্ডৰ বেন ষ্টক্ছ আৰু জছ বাটলাৰৰাজস্থান দলটোৰ সৈতে আগন্তুক 25 এপ্ৰিল লৈ হে উপলব্ধ থাকিব পাৰিব ৷ বিশ্বকাপক আগত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইংলেণ্ড ক্ৰিকেট বৰ্ডে ৷ আনহাতে কিংগছ ইলেভেন পাঞ্জাৱ দলটোৰ জয় বহু পৰিমাণে নিৰ্ভৰ কৰিব বিস্ফোৰক অপেনাৰ বেটছমেন ক্ৰীছ গেইল আৰু কে.এল ৰাহুলৰ ওপৰত ৷
সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ - ৰাজস্থান ৰয়েলছ
আই পি এলৰ দ্বাদশ সংস্কৰণৰ চতুৰ্থখন মেচত সোমবাৰে অজ্যিংকা ৰাহানেৰ বিৰুদ্ধে যুঁজত নামিব ৰবিচন্দ্ৰন আশ্বিন ৷ জয়পুৰৰ ছাৱাই মান সিং ষ্টেডিয়ামত সন্ধ্যা 8 বজাত অনুষ্ঠিত হ’ব মেচখন ৷
ৰণভূমিত নামিব ৰাজস্থান ৰয়েলছ বনাম কিংগছ ইলেভেন পাঞ্জাৱ
আই পি এলত দুয়োটা দলে ইয়াৰ পূৰ্বে 17 খন মেচত মুখামুখি হৈছে ৷ য’ত 10 বাৰ ৰাজস্থান ৰয়েলছে জয় লাভ কৰাৰ বিপৰীতে 7 বাৰ জয় লাভ কৰিবলৈ সক্ষম হৈছে কিংগছ ইলেভেন পাঞ্জাৱে ৷ অৱশ্যে এই ষ্টেডিয়ামত ৰাজস্থান দলটোৱে 29 বাৰ জয় লাভ কৰাৰ বিপৰীতে পাঞ্জাৱে বৰ্তমানলৈকে জয় লাভ কৰিবলৈ সমৰ্থ হোৱা নাই ৷ গতিকে সোমবাৰৰ মেচখনত শেষ হাঁহি কোনে মাৰিব তাৰ বাবে অপেক্ষা কৰিব লাগিব কিছু সময়লৈ ৷