স্পৰ্টছডেস্ক,26মাৰ্চঃআই পি এলৰ পৰৱৰ্তী খেলসমূহত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেল পৰিৱেশন কৰা দেখা যাব শ্ৰীলংকাৰ বেগী বলাৰ লাচিথ মালিংগাক ৷ দক্ষিণ আফ্ৰিকা ভ্ৰমণত থকাৰ বাবে মালিংগাই মুম্বাইৰ হৈ প্ৰথমখন খেলত অংশ ল'ব পৰা নাছিল ৷ কিন্তু বি চি চি আইৰ সৈতে হোৱা আলোচনা অনুসৰি শ্ৰীলংকান ক্ৰিকেট বৰ্ডে খেলুৱৈগৰাকীকদক্ষিণ আফ্ৰিকাত চলি থকাএদিনীয়া প্ৰতিযোগিতাখনৰ পৰা ৰেহাই দিয়ে ৷ যাৰ বাবে 28 তাৰিখে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সৈতে অনুষ্ঠিত হ'বলগীয়া খেলত মুম্বাইৰ হৈ খেলা দেখা যাব বলাৰগৰাকীক ৷
মুম্বাই ইণ্ডিয়ানছৰ পৰৱৰ্তী খেলত মালিংগা - sports
28 তাৰিখে বেংগালুৰুত মুম্বাইৰ হৈ খেলত অৱতীৰ্ণ হ'ব মালিংগা
![মুম্বাই ইণ্ডিয়ানছৰ পৰৱৰ্তী খেলত মালিংগা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2808018-162-0846557f-ec3b-48f6-8d7b-f7dc620406c0.jpg)
মুম্বাই ইণ্ডিয়ানছৰ পৰৱৰ্তী খেলত মালিংগা
উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেল্ছৰ বিৰুদ্ধে হোৱা প্ৰথমখন খেলতে 37 ৰানত পৰাজিত হৈছিল ৷