অসম

assam

By

Published : Apr 6, 2019, 6:28 PM IST

ETV Bharat / sports

মুম্বাই ইণ্ডিয়ানছত মোক্ষম আঘাত, বাহিৰ হ’ল শ্ৰীলংকান বলাৰ

মুম্বাই ইণ্ডিয়ানছৰ পৰা বাহিৰ হ’ল দ্ৰুতবেগী বলাৰ শ্ৰীলংকাৰ লাচিথ মালিংগা ৷ বিশ্বকাপৰ পূৰ্বে ঘৰুৱা মেচত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে স্বদেশলৈ উভতে খেলুৱৈগৰাকী

মুম্বাই ইণ্ডিয়ানছৰ পৰা বাহিৰ হ’ল দ্ৰুতবেগী বলাৰ শ্ৰীলংকাৰ লাচিথ মালিংগা

স্পৰ্টছ ডেস্ক, 6 এপ্ৰিলঃমুম্বাই ইণ্ডিয়ানছৰ ক্ৰীড়াপ্ৰমীৰ বাবে আই পি এলৰ দ্বাদশ সংস্কৰণত দুঃখবৰ ৷ পুনৰ দলৰ পৰা বাহিৰ হ’ল শ্ৰীলংকান অভিজ্ঞ বলাৰ লাচিথ মালিংগা ৷ আগন্তুক বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ঘৰুৱা মেচৰ বাবেই বুধবাৰে আই পি এলত চেন্নাইৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হৈ নিজ দেশলৈ উভতি যায় খেলুৱৈগৰাকী ৷ এই কথা টুইটাৰ যোগে সদৰী কৰে শ্ৰীলংকাৰ ক্ৰিকেট বৰ্ডে ৷ এই প্ৰতিযোগিতাত গালে দলৰ হৈ নেতৃত্ব বহন কৰিব মালিংগাই ৷ উল্লেখ্য যে, 2019 আই পি এলৰ ছীজনত বৰ্তমানলৈকে 2 খন মেচত অৱতীৰ্ণ হৈছিল মালিংগা ৷ অৱশ্যে এই ঘৰুৱা প্ৰতিযোগিতাৰ অন্তৰ পিচতেই পুনৰ মুম্বাই দলৰ সৈতে জড়িত হ’ব খেলুৱৈগৰাকী ৷

ABOUT THE AUTHOR

...view details