অসম

assam

ETV Bharat / sports

লজ্জাজনক অভিলেখৰ গৰাকী হ’ল কুলদ্বীপ যাদৱ - আই পি এল

আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰান দিয়া বলাৰৰ শাৰীত নাম খোদিত হ’ল চাইনামেন খ্যাত ভাৰতীয় বলাৰ কুলদ্বীপ যাদৱৰ ৷

লজ্জাজনক অভিলেখৰ গৰাকী হ’ল কুলদ্বীপ যাদৱ

By

Published : Apr 20, 2019, 2:20 PM IST

স্পৰ্টছ ডেস্ক, 20 এপ্ৰিলঃআই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে শুকুৰবাৰে এক অনাকাংক্ষিত অভিলেখৰগৰাকী হ’ল কুলদ্বীপ যাদৱ ৷ এক শ্বাসৰুদ্ধকাৰী মেচত আই পি এলত আটাইতকৈ বেছি ৰান খৰচ কৰা বলাৰৰ তালিকাত সমতা স্থাপন কৰিলে কুলদ্বীপ যাদৱে ৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত চাৰি অভাৰত 59 ৰান খৰচ কৰে কুলদ্বীপে ৷ যিটো আই পি এলৰ ইতিহাসত কোনো স্পিনাৰ বলাৰৰ দ্বাৰা খৰচ কৰা সৰ্বাধিক ৰানৰ অভিলেখ ৷ 59 ৰানেৰে কুলদ্বীপ যাদৱে কৰণ শৰ্মাৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ৷ কৰণ শৰ্মাই 2016 চনত খৰচ কৰিছিল 57 ৰান ৷ অৱশ্যে 2016 চনত ইমৰাণ তাহিৰ আৰু ৰবিন্দ্ৰ জাডেজাই 2017 চনত খৰচ কৰিছিল 59 ৰান ৷ উল্লেখ্য যে, মেচখনৰ 16 অভাৰত কুলদ্বীপে এটা অভাৰত মুঠ 27 ৰান খৰচ কৰিছিল ৷

ABOUT THE AUTHOR

...view details