নিউজ ডেস্ক, 6 এপ্ৰিল: শুকুৰবাৰে শ্বাসৰূদ্ধকৰ মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হয় ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু ৷ অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলৰ 48(13) ৰাণৰ ইনিংছৰ জৰিয়তে বেংগালুৰুৰ 205 ৰাণৰ বৃহৎ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয় কলকাতা দলে ৷ কলকাতা দলৰ এইয়া সৰ্বোচ্চ ৰাণ অতিক্ৰম ৷ ইয়াৰ পূৰ্বে কলকাতা দলে 2014 চনৰ ফাইনেলত কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে 199 ৰাণ অতিক্ৰম কৰিছিল ৷
কলকাতাৰ সৰ্বোচ্চ ৰাণ অতিক্ৰম, ক্ৰমাগত পাঁচখন মেচত পৰাজয় বেংগালুৰুৰ - আন্দ্ৰে ৰাছেল
আইপিএল 2019 ত জয়ৰ মুখ দেখা নাই বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুয়ে ৷ শুকুৰবাৰে অনুষ্ঠিত বেংগালুৰুৰ বিৰুদ্ধে অনুষ্ঠিত মেচত আন্দ্ৰে ৰাছেলৰ বিস্ফোৰক বেটিঙৰ জৰিয়তে কলকাতাই সৰ্বোচ্চ অতিক্ৰম কৰি জয় সাব্যস্ত কৰে ৷
ANDRE RUSSELL
এই পৰাজয়ৰ জৰিয়তে 2019 চনৰ এখনো আইপিএল মেচত জয়ৰ মুখ দেখা নাই ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু দলে ৷ ক্ৰমান্নয়ে পাঁচ খন মেচত বিফলতাৰ মুখ দেখিছে বিৰাট কোহলী নেতৃত্বাধীন দলটোৱে ৷