অসম

assam

By

Published : Mar 28, 2019, 5:43 PM IST

ETV Bharat / sports

বৃহস্পতিবাৰে আৰ চি বিৰ সন্মখত মুম্বাই ইণ্ডিয়ানছ

বেংগালুৰুত প্ৰত্যাৱৰ্তনৰ লক্ষ্য দুয়োটা দলৰে

আৰ চি বিৰ সন্মখত মুম্বাই ইণ্ডিয়ানছ

স্পৰ্টছডেস্ক,28মাৰ্চঃদ্বাদশ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত বৃহস্পতিবাৰে আৰ চি বিৰ মুখামুখী হ'ব মুম্বাই ইণ্ডিয়ানছ ৷ চলিত চিজনৰ আই পি এলৰ প্ৰথম খেল পৰাজয়েৰে আৰম্ভ কৰা দুয়োটা দলেই বৃহস্পতিবাৰে প্ৰত্যাৱৰ্তনৰ লক্ষ্যেৰে খেলপথাৰত নামিব ৷ ইয়াৰ পূৰ্বে ডিফেণ্ডিং চেম্পিয়ন চেন্নাইৰ বিৰুদ্ধে 70 ৰানতে অল আউট হৈছিল আৰ চি বি ৷ অৱশ্যে ঘৰৰ মাটিত কোহলি নেতৃত্বাধীনদলটোৱে পুনৰ বৃহস্পতিবাৰে জয়ৰ সোৱাদ লোৱাৰ আশা প্ৰকাশ কৰিছে ৷ আনহাতে আই পি এলত বিৰাটৰ বিপৰীতে ৰোহিতৰ প্ৰদৰ্শন খুবেই আকৰ্ষণীয় ৷ লগতে বৃহস্পতিবাৰে মুম্বাইৰ শক্তি হৈ খেলপথাৰত দেখা যাব বেগী বলাৰ লাচিথ মালিংগাক ৷ যাৰ বাবে বৃহস্পতিবাৰে বুমৰাহ-মালিংগাৰ বলিং ত্ৰাসে বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিব বিৰাট বাহিনীৰ সন্মুখত ৷

ABOUT THE AUTHOR

...view details