অসম

assam

By

Published : Apr 25, 2019, 11:23 AM IST

ETV Bharat / sports

আইপিএলৰ আজিৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখী হ'ব ৰাজস্থান ৰয়েলছ

মুঠ আঠ পইন্টেৰে কলকাতা নাইট ৰাইডাৰ্ছ পইন্ট তালিকাৰ ষষ্ঠ স্থানত থকাৰ বিপৰীতে 6 পইন্টেৰে অষ্টম স্থানত আছে ৰাজস্থান ৰয়েলছ

স্পৰ্টচ ডেস্ক, 25 এপ্ৰিলঃ আই পি এলৰ আজিৰ 43 সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ ৷ সন্ধিয়া আঠ বজাত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব এই খেলখন ৷ উল্লেখ্য যে, ধাৰাবাহিকভাৱে পাঁচখনকৈ মেচত পৰাজিত হোৱাৰ পিচত আজিৰ মেচত কলকাতা নাইট ৰাইডাৰ্ছে কেনে প্ৰদৰ্শন দাঙি ধৰে সেয়া লক্ষণীয় হ'ব ৷

ইতিমধ্যে দহখন মেচৰ চাৰিখনত জয়ী হৈ মুঠ আঠ পইন্টেৰে কলকাতা নাইট ৰাইডাৰ্ছে পইন্ট তালিকাৰ ষষ্ঠ স্থান দখল কৰাৰ বিপৰীতে 10 খন মেচৰ তিনিখনত জয়ী হৈ 6 পইন্টেৰে অষ্টম স্থানত আছে ৰাজস্থান ৰয়েলছ ৷

ABOUT THE AUTHOR

...view details