অসম

assam

By

Published : Apr 28, 2019, 5:45 PM IST

ETV Bharat / sports

আই পি এল ছুপাৰ ছাণ্ডেঃ মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এলৰ 47 সংখ্যক মেচত কলকাতৰ ইডেন গাৰ্ডেনত নাইট ৰাইডাৰ্ছৰ সন্মুখত ৰোহিত বাহিনী ৷

মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

স্পৰ্টছ ডেস্ক, 28 এপ্ৰিলঃ আই পি এলৰ দ্বাদশ সংস্কৰণত দেওবাৰৰ দ্বিতীয়খন মেচত যুঁজত নামিব কলকাতা নাইট ৰাইডাৰ্ছৰ আৰু মুম্বাই ইণ্ডিয়ানছ ৷ সন্ধিয়া 8 বজাত অনুষ্ঠিত হ'ব এই মেচখন । খেলখনত কলকাতা দলটোৱে ধাৰাবাহিক ছয়খন মেচৰ পৰাজয়ৰ ধাৰা ভংগ কৰাৰ লক্ষ্যৰে গৃহভূমিত অৱতীৰ্ণ হ'ব মুম্বাইৰ বিৰুদ্ধে ৷ আনহাতে মেচখনত মুম্বাইয়ে জয় লাভেৰে প্লে অফৰ স্থান সুনিশ্চিত কৰাৰ বিপৰীতে প্লে অফৰ আশা অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব কলকাতাই ৷

আৰু পঢ়কঃ অষ্ট্ৰেলিয়াই হত্যা কৰিব 20 লাখ মেকুৰী, কিন্তু কিয় ?

দুয়োটা দলেই ইয়াৰ পূৰ্বে 23 খন মেচত অৱতীৰ্ণ হৈছে য'ত কলকাতাই 5 খন আৰু মুম্বাই ইণ্ডিয়ানছে 18 খন মেচত জয় লাভ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে ইডেনত অনুষ্ঠিত হোৱা 9 খন মেচৰ 7 খনত মুম্বাইয়ে জয়ৰ লাভ কৰাৰ বিপৰীতে 2 খন মেচত হে কলকাতাই জয়ৰ সোৱাদ লাভ কৰিছে ৷ গতিকে আজিৰ মেচখনত বহু ক্ৰীড়া প্ৰেমীৰ দৃষ্টি নিৱদ্ধ থাকিব ৷

ABOUT THE AUTHOR

...view details