অসম

assam

By

Published : Apr 27, 2019, 5:26 PM IST

ETV Bharat / sports

স্মিথৰ সন্মুখত ডেভিদ ৱাৰ্ণাৰ, জয়পুৰত ৰনডংকা

আই পি এলত শনিবাৰে মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷

স্মিথৰ সন্মুখত ডেভিদ ৱাৰ্ণাৰ, জয়পুৰত ৰনডংকা

স্পৰ্টছ ডেস্ক, ২৭ এপ্ৰিলঃ জয়পুৰৰ ছাৱাই মান সিং ষ্টেডিয়ামত আই পি এলৰ 45 সংখ্যক মেচত সম্মুখ সমৰত নামিব ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷ সন্ধিয়া 8 বজাত অনুষ্ঠিত হ’ব এই মেচখন ৷ ৰাজস্থান ৰয়েলছে নিজৰ গৃহভূমিত পঞ্চমটো জয় লাভ কৰাৰ ইচ্ছাৰে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ছানৰাইজাৰ্ছ দলটোৱে ষষ্ঠটো জয় লাভৰ মনোবৃত্তিৰে খেলপথাৰত অৱতীৰ্ণ হ’ব ৷ দুয়োটা দলেই ইয়াৰ পূৰ্বে 10 খন মেচত মুখামুখি হৈছে ৷ য’ত ছানৰাইজাৰ্ছ হায়দৰাবাদে 6 খন মেচত জয় লাভ কৰাৰ বিপৰীতে ৰাজস্থান ৰয়েলছে 4 খন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷

আৰু পঢ়কঃ নিউৱৰ্কত প্ৰদৰ্শিত ‘আমিষ’ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ

উল্লেখ্য যে, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে শ্বাসৰুদ্ধকাৰী মেচত ৰিয়ান পৰাগৰ সুন্দৰ বেটিঙৰ ফলত জয়ৰ সোৱাদ লাভ কৰা ৰাজস্থানৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমবাসীৰ দৃষ্টি নিৱদ্ধ থাকিব আজিৰ মেচখনৰ ওপৰত ৷

ABOUT THE AUTHOR

...view details